অসম

পলাশবাৰীৰ উপৰহালীত প্ৰধানমন্ত্ৰী মোডীৰ পুত্তলিকা দাহ

প্ৰথম খবৰ, নুউজ ব্যুৰ’: গুজৰাটত বান বিধ্বস্ত অঞ্চলৰ বুজ ল’বলৈ যোৱাৰ সময়ত কংগ্ৰেছৰ উপ-সভাপতি ৰাহুল গান্ধীৰ গাড়ীত দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আজি পলাশবাৰী বিধান সভা সমষ্টিৰ ৰামপুৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত এই ঘটনাৰ প্ৰতিবাদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ কৰে। কংগ্ৰেছ কৰ্মী সকলে হাতে-হাতে বেনাৰ, ফেষ্টুন লৈ প্ৰতিবাদী শ্ল’গান দি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই আহি প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ কৰে। লগতে এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়ে।

Related Articles

Leave a Reply

Close