অসমশীৰ্ষ

পাঁচ হাজাৰ টকা ৱাৰ্ড মেম্বাৰক দিব নোৱাৰাৰ বাবেই চৰকাৰী আৱাসৰ পৰা বঞ্চিত তামূলীছিগাৰ বিপুল দাস

প্ৰথম খবৰ, জাঁজী: ” আগৰ ৱাৰ্ড মেম্বাৰে ঘৰ দিয়াৰ বাবে বিচাৰিছিল পাঁচ হাজাৰ টকা। দিব নোৱাৰিলো বাবে ঘৰটো আনক দিলে।” এইয়া যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ অন্তৰ্গত তামূলীছিগা গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ দৰিদ্ৰ আৰু অন্ধপ্ৰায় বিপুল দাসৰ ক্ষোভ ভৰা অভিযোগ।

শিমলুগুৰি কৈবৰ্ত গাঁৱৰ বিপুল দাস নামৰ এই দুখীয়া লোকজনৰ ঘৰটো নেদেখিলে আপুনি কল্পনাও কৰিব নোৱাৰে যে এনেকৈও মানুহ থাকিব পাৰে । চকুৰে প্ৰায় নেদেখা এই লোকজনৰ একমাত্ৰ পুত্ৰ ১০ বছৰীয়া বিশ্বজিত দাসৰ মাত স্পষ্টকৈ নুফুটাৰ লগতে এতিয়াও সম্পূৰ্ণ মানসিক বিকাশ ঘটা নাই।

পত্নী জয়ন্তী দাসে ইঘৰ সিঘৰত দিন হাজিৰা কৰি কোনোমতে পৰিয়ালটোৰ দুবেলা দুমুঠি যোগাৰ কৰিছে । অন্ন সুৰক্ষা আচনিৰ চাউল কেইটাই পৰিয়ালটোৱে লাভ কৰা একমাত্ৰ চৰকাৰী সুবিধা । আগৰ পঞ্চায়তৰ স্থানীয় ৱাৰ্ড সদস্যই বিচৰা টকা দিব নোৱাৰাৰ বাবে ইন্দিৰা আৱাস যোজনাৰ সুবিধাৰ পৰা বঞ্চিত বিপুল দাসক কিন্তু বৰ্তমানৰ পঞ্চায়ত সদস্যইও বিগত চাৰি বছৰে দিব নোৱাৰিলে এটা চৰকাৰী গৃহ।

অৱশ্যে এতিয়া শেহতীয়াকৈ স্থানীয় ৱাৰ্ড সদস্যই বিপুল দাসক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা ঘৰ দিয়াৰ আশ্বাস দিছে । সময়েহে ক’ব সেই আশ্বাস কেতিয়া কাৰ্য্যত পৰিণত হ’ব ।আনহাতে দিব্যাংগ শিশু বিশ্বজিত দাসক দীনদয়াল দিব্যাংগ সাহাৰ্য আচনিয়ে সামৰি ল’লে পৰিয়ালটো উপকৃত হ’ব । পৰিয়ালটোলৈ চকু দিবলৈ সাংসদ কামাখ্যা প্রসাদ তাচা আৰু বিধায়িকা ৰেণুপমা ৰাজখোৱাই অকণমান আহৰি পাৱনে ? নে নিৰ্বাচনৰ সময়ত হে সময় পাব ??

Related Articles

Leave a Reply

Close