অসম

পানীত পৰি শিশুৰ মৃত্যু

প্ৰথম খবৰ, মুৰফুলনি: গোলাঘাট জিলাৰ মৰঙিৰ অন্তৰ্গত ৫ নং পোৰাজংঘলত আজি দুপৰীয়া এটি শিশুৰ পানীত পৰি কৰুণ মৃত্যু ঘটে।

জানিব পৰা মতে অঞ্চলটোৰ অনিল কেঁউটৰ দুবছৰীয়া পুত্র সন্তান অবিনাশ কেঁউটে ঘৰৰ সমীপতে থকা সৰু পুখুৰী এটাৰ কাষত খেলি থকাৰ সময়তে অঘটনটো ঘটে। ঘটনাৰ পাছতেই শিশুটিক পৰিয়ালৰ লোকে মৃত্যুঞ্জয় সেৱাৰ যোগে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ নিছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। শিশুটিৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close