বিনোদনশীৰ্ষৰাষ্ট্ৰীয়

পুনৰ বিতৰ্কৰ শীৰ্ষত প্ৰিয়ংকা চোপ্ৰা

এণ্টাৰটেইমেণ্ট ডেস্ক, প্ৰথম খবৰ: সমগ্ৰ ভাৰতীয়ই ৭১ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিলে। ছ’চিয়েল মিডিয়াটো বিভিন্নজনে স্বাধীনতা দিৱস সম্পৰ্কে ফটো বা ভিডিঅ’ আপলোড কৰা দেখা গ’ল। এইক্ষেত্ৰত পিছপৰি নৰ’ল ক্ৰিকেটাৰ, অভিনেতা-অভিনেত্ৰী তথা দেশৰ আগশাৰীৰ সংগীত শিল্পীসকলো।

১৫ আগষ্টৰ দিনা জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰায়ো ইনষ্টাগ্ৰামত এটা ভিডিঅ’ পোষ্ট কৰিছিল। এই ভিডিঅ’টোৱে বৰ্তমান বিতৰ্কৰ মাজলৈ লৈ আহিছে প্ৰিয়ংকা চোপ্ৰাক। ভিডিঅ’টোত জাতীয় পতাকাখনৰ দৰে ৰঙীন এখন দুপাট্টা ডিঙিত মেৰিয়াই লৈ প্ৰিয়ংকাই দুপাট্টাখন উৰুৱাই আছিল।

এই কথাক বিভিন্নজনে এতিয়া সহজভাৱে ল’ব পৰা নাই। বিভিন্ন বিজ্ঞজনে কৈছে যে, বলিউড তথা হলিউডৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে জাতীয় পতাকাখনক অপমান কৰিছে। আনকি তেওঁক ভাৰতলৈ ঘূৰি নাহিবলৈও বহুজনে কমেণ্টত লিখিছে।

শেহতীয়াভাৱে প্ৰিয়ংকা চোপ্ৰাই চুটী কাপোৰ পিন্ধি বিতৰ্কৰ শীৰ্ষস্থান দখল কৰিছিল। চলিত বৰ্ষৰ ৩০ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লগ কৰিবলৈ যাওঁতে যিজোৰ কাপোৰ পৰিধান কৰিছিল, সেই কাপোৰজোৰক লৈও বহুজনে অসন্তুষ্টি প্ৰকাশ  কৰিছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close