অসম

পেলুৰদ্বাৰা আক্ৰান্ত শিশুসকলক পেলু নিৰ্মূল কৰণৰ এক আঁচনি

প্ৰথম খবৰ, ধুবুৰী: আজি ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ যুটিয়া পৰিচালক কাৰ্যালয়ত অঞ্চলটোৰ শিশুসকলৰ পেলু মুক্ত কৰিবৰ বাবে এক সাংবাদিক মেলৰ যোগেদি স্থানীয় লোকসকলক পেলুৰ দৰবৰ উপযোগীতাৰ বিষয়ে জনোৱা হয় ।

পেলুৰদ্বাৰা আক্ৰান্ত শিশুসকলক পুষ্টিহীনতা আৰু ৰক্তহীনতাৰ বাবে তেওঁলোকক সকলো সময়তে অৱশ দেখা যায়। তেওঁলোকৰ শাৰীৰিক আৰু মানসিক বিকাশ বাধাগ্ৰস্ত হয় । পেলুনাশক টেবলেট গৰম দিনত খোৱাত কোনো বাধা নাই। পেলুৰ সংক্ৰমণ সহজেই নিয়ন্ত্ৰণ কৰিব পাৰি।

অসমৰ শিশুৰ পেলু হোৱাৰ আশংকা বেছি হোৱাৰ হেতুকে ৰাজ্য চৰকাৰৰ পেলু নিৰ্মূল কৰণৰ এই আঁচনিত ৰাইজৰ সহযোগীতাৰ অতি প্ৰয়োজন । স্বাস্থ্য বিভাগৰ অভিলেখমতে ধুবুৰী জিলাৰ সৰ্বমুঠ ৬,৯৮,৬০০ টা শিশুৰ পেলু হোৱাৰ আশংকা আছে । তাৰোপৰি বিভিন্ন অনাথ আশ্ৰম, ইটাৰ ভাটা আদিত কাম কৰা শিশুৰ সংখ্যা হৈছে সৰ্বমূঠ ৪,৪৮,৯২৮ টা।

উল্লেখনীয় যে জিলাখনৰ মুঠ ৬০% শতাংশ শিশুৰ পেলুৰ আশংকা আছে বুলি স্বাস্থ্য বিভাগে দাবি কৰিছে। পেলু নিৰ্মূল কৰণৰ বিষয়ে বিভিন্ন অংগণাবাদী কৰ্মীৰ লগতে বিভিন্ন চৰকাৰী আৰু ব্যক্তিগত শিক্ষানুষ্ঠানতো অৱগত কৰোৱা হৈছে।

চি এম ও ডঃ নিপেন ভুঁঞা, এস ডি এম এইচ ও ডঃ আসগৰ আলি মণ্ডল, আৰ ডি আই পি আৰ ও বিকাশ শৰ্মাৰ উপস্থিতিত অনুষ্ঠানটো কাৰ্যকাৰি কৰা হয় ।⁠⁠⁠⁠

Related Articles

Leave a Reply

Close