অসমশীৰ্ষ

প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক মুকলিকৈ হত্যাৰ ভাবুকি স্বয়ম্ভূ সংগঠনৰ


মাজুলীৰ পৰা ৰিদিপ বৰাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট: ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বোমাৰে উৰুৱাই দিয়াৰ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো হত্যাৰ ভাবুকি সংযুক্ত মহাৱীৰ ফৌজ,অসম চমুকৈ আমফা নামৰ এটা স্বয়ম্ভূ সংগঠনৰ ৷ সংগঠনটোৰ নাম লৈ Mun Asom Umfa নামৰ ফেচবুক একাউন্টটোৰ পৰা মুকলিকৈ দিয়া হৈছে এই হত্যাৰ ভাবুকি ৷

স্বাধীন অসমৰ দাবীৰে গঠিত বুলি উল্লেখ কৰা এই স্বয়ম্ভু সংগঠনটোৱে জাতি মাটি, ভেটিৰ কথা কৈ শাসনৰ বাঘজৰী লোৱা বৰ্তমানৰ চৰকাৰখনে অসমৰ বাবে কাম নকৰি বাংলাদেশীৰ হৈ কাম কৰি যোৱা বুলি অভিযোগ কৰাৰ লগতে সংগঠনটোৱে স্বাধীন অসম নোপোৱা পৰ্যন্ত পিচ হুহুকি নাহে বুলিও জনায় ৷ আনহাতে, সংগঠনটোৰ নাম লৈ উক্ত একাউন্টটোৰ পৰাই আগন্তুক স্বাধীনতা দিৱস বৰ্জন কৰিবলৈ ৰাজ্যবাসীক আহ্বান জনোৱাৰ লগতে ৫ ঠাইত সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হ’ব বুলিও ভাবুকি প্ৰদান কৰে ৷

ফেচবুকত এইদৰে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক ভাবুকি প্ৰদান কৰাৰ পিচতেই যথেষ্ট তৎপৰ হৈ পৰে আৰক্ষী বিভাগ ৷ ফেচবুক একাউন্টটোৰ আঁত ধৰি মাজুলী আৰক্ষীয়ে সোধপোচৰ বাবে এই পৰ্যন্ত ১০ গৰাকী লোকক আটক কৰে ৷ সম্প্ৰতি মাজুলীৰ বনগাৱ আৰক্ষী চকীত আটকাধীন লোক কেইজনক অধিক তথ্যৰ বাবে জেৰা কৰি থকা বুলি জানিব পৰা গৈছে ৷

Related Articles

Leave a Reply

Close