অসম

প্ৰবীণ সাংবাদিক ভৱেশ বৰুৱালৈ চৰাইদেউ জিলা আপকুৰ আব্দুল ৰফিক সোৱৰণি গ্ৰাম্য সাংবাদিকতা বঁটা

প্ৰথম খবৰ, সোণাৰি: আসাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকুৰ চৰাইদেউ জিলাৰ বৰ্ধিত কাৰ্যনিবাহক সভা এখন সোণাৰি আৱৰ্ত ভৱনত অনুষ্ঠিত হৈ যায়। চৰাইদেউ জিলা সমিতিৰ সভাপতি মুকুল বৰাই সভাপতিত্ব কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ৰুস্তম গগৈয়ে। আয়োজিত সভাত চৰাইদেউ জিলাৰ আপকু অন্তভুক্ত সাংবাদিক সকলৰ অভাৱ অভিযোগৰ সন্দৰ্ভত বিশদ ভাবে আলোচনা কৰা হয়।

আজি অনুষ্ঠিত হোৱাৰ সভাতে আপকুৰ প্ৰতিষ্ঠাপক সম্পাদক গুৱাহাটীৰ আজাৰাৰ ভবেশ বৰুৱাক পোন প্ৰথম বাৰৰ বাবে চৰাইদেউ জিলা সমিতিয়ে প্ৰৱৰ্তন কৰা চৰাইদেউ জিলাৰ বিশিষ্ট সাংবাদিক স্বৰ্গীয় আব্দুল ৰফিক গ্ৰাম্য সাংবাদিক বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

উল্লেখ্য যে প্ৰবীণ সাংবাদিক আজাৰাৰ ভৱেশ বৰুৱাই ১৯৯৩ ৰ ৩০এপ্ৰিলত অসমৰ মফছলীয় সাংবাদিকসকলক একত্ৰিত কৰি সাংবাদিকৰ অভাৱ অভিযোগসমূহ সবল ৰূপত চৰকাৰৰ ওচৰত উপস্থাপন কৰি অহাৰ লগতে ছেণ্টিনেল,অসমীয়া প্ৰতিদিন দৈনিক অসম আদি কৰি বিভিন্ন কাকত আলোচনীত প্ৰায় ৪০ বছৰো অধিক কাল সংবাদ সেৱাত জড়িত আছিল।

অনুষ্ঠিত সভাত আপকুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মনোজ সিং,আপকুৰ উজনি অসম মণ্ডলৰ সম্পাদক কেশৱ গগৈ,চৰাইদেউ জিলা সমিতিৰ উপদেষ্টাদ্বয় ভাস্কৰ ভাজনী আৰু মিতুপৰ্ণ গগৈকে আদি কৰি জিলাখনৰ প্ৰায় সংখ্যক সাংবাদিক উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close