অসমশীৰ্ষসাক্ষাৎকাৰ

প্ৰযুক্তিবিদ্যাই সাংবাদিকতাক নতুন মাত্ৰা দিছে: প্ৰণয় বৰদলৈ

সাংবাদিকতাৰ জগতত তেওঁ চিনাকি। ইয়াৰ  বাহিৰেও মাউণ্ট এভাৰেষ্টৰ শীৰ্ষলৈ যোৱাৰ ইচ্ছা তেওঁৰ প্ৰবল। এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিৰ সপোন আছিল  দক্ষিণ মেৰু, এণ্টাৰ্কটিকা চোৱাৰ। ‘প্ৰথম খবৰ’ৰ সাংবাদিক মমীতা গগৈ আৰু সুস্মিতা শৰ্মাই  পৰিৱেশ সাংবাদিকতাৰ বাটকটীয়া হিচাপে পৰিচিত ডি ৱাই ৩৬৫ৰ মেনেজিং এডিটৰ প্ৰণয় বৰদলৈৰ সৈতে মুখামুখি হৈছিল। মমীতা আৰু সুস্মিতাক জনোৱা তেওঁৰ মনৰ ভাৱবোৰ প্ৰথম খবৰ পঢ়ুৱৈলৈ আগবঢ়ালো।

পোনাৰ শৈশৱ, কৈশোৰ, কলেজীয়া জীৱন আদি সামগ্ৰিকভাৱে সকলোবোৰ সামৰি কিছু কথা জনাব নেকি?

মোৰ জন্ম গুৱাহাটীত। মাণিক চন্দ্ৰ মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা স্কুলীয়া জীৱন আৰম্ভ কৰি কটন কলেজিয়েটৰ পৰা মেট্ৰিক পাছ কৰো। তাৰ পাছত আৰ্য বিদ্যাপীঠ কলেজৰ পৰা মোৰ কলেজীয়া জীৱন আৰম্ভ হয়। সৰুৰে পৰা মোৰ পেপাৰ, মেগাজিন আদিৰ প্ৰতি আকৰ্ষণ আছিল। মই য’ত থাকো চান্দমাৰী ক’লনি তাতে পেপাৰ আমাৰ ঘৰত ৰাতিপুৱাই আহে। সেই পৰিৱেশটো সৰুৰে পৰা পাইছিলো। আৰু তেতিয়াৰে পৰা ছপা আখৰৰ প্ৰেমত পৰো। পাছলৈ আমাৰ অসম কাকতখনত ষ্টাফ ৰিপ’ৰ্টাৰ হিচাপে জইন কৰো। আধুনিক সাংবাদিকতাৰ বাটকটীয়া বুলি আমি আজিৰ বাতৰি কাকতখনক ধৰিব পাৰো। আৰু এই কাকতখনতো মই কাম কৰিছিলো। ইয়াত বহুতো নতুন নতুন ধাৰাৰ আমি সংযোজন কৰিছিলো। পূৰ্বাঞ্চল সাপ্তাহিক কাকতখনতো মই সম্পাদক হিচাপে কাম কৰিছিলো। ইয়াৰ পাছত প্ৰাগ নিউজ, আৰম্ভ কৰিলো। কিন্তু তাৰ কিছুদিনৰ পাছত মনোজ গোস্বামীয়ে মোক জোৰকৈ মতাত মই আকৌ আহি জনসাধাৰণ কাকতখনত কাম আৰম্ভ কৰো। নিজাববীয়াকৈ আমি এ এম টেলিভিচনৰ কাম আৰম্ভ কৰো। যিহেতু মোৰ আগতে ইলেক্ট্ৰনিক মিডিয়াত কাম কৰাৰ অভিজ্ঞতা আছিলে। কিন্তু কিছুমান বিশেষ কাৰণত ইয়াক আমি বন্ধ কৰি দিবলগীয়া হয়। তাৰ পাছত মোক ডি ৱাই ৩৬৫ত মাতে আৰু মই এতিয়ালৈ ইয়াত মেনেজিং এডিটৰ হিচাপে কাম কৰি আছো।

জ্ঞানদ্বীপ নামৰ আলোচনী এখনৰ জৰিয়তে যিহেতু আপুনি সাংবাদিকতাৰ বিষয়ত গুৰুত্বৰভাৱে সোমাই পৰিছিল তাৰ সন্দৰ্ভত আপোনাৰ কি মতামত? বৰ্তমান এই আলোচনীখন চলি আছেনে?

জ্ঞানদ্বীপ আলোচনীখন এসময়ত খুব জনপ্ৰিয় আলোচনী আছিল। ছাত্ৰ-ছাত্ৰীক জ্ঞান প্ৰদানৰ বাবে আমি এই আলোচনীখন এক ব্যতিক্ৰমীভাৱে আৰম্ভ কৰিছিলোঁ। প্ৰত্যেকে এই আলোচনীখনত সুকীয়াভাবে আকোৱালি লৈছিল। কিন্তু কালক্ৰমত মই যেতিয়া বিভিন্ন কাৰণত আলোচনীখনৰ পৰা আঁতৰি আহিবলগীয়া হয় লাহে লাহে আলোচনীখন বন্ধ হ’ব ধৰে। শ্ববিৰ হুছেইন আছিল আলোচনীখনৰ সম্পাদক। তেওঁ আই এছ অফিচাৰ আছিল। তেওঁৰ মৃত্যুৰ পাছত জ্ঞানদ্বীপ আলোচনীখন একেবাৰে বন্ধ হৈ পৰে।

সাংবাদিকতা আপোনাৰ বাবে নিচা নে পেচা?

নিচা। এবাৰ এই বিষয়টোত সোমাই পৰিলে ওলাই আহিব মন নাযায়। প্ৰত্যেকদিনে নতুন নতুন মানুহ, ঠাই আদি লগ পোৱা যায়।

দৈনিক জনসাধাৰণ, আমাৰ অসম, আজিৰ অসম কাকতত কাম কৰা কিছু অভিজ্ঞতা তথা অনুভৱৰ বিষয়ে জনাব নেকি?

প্ৰথমে আজিৰ অসম তাৰ পাছত আমি আমাৰ অসম কাকতখন ওলোৱাৰ কথা ভাবিলো। মনোজ গোস্বামীকে আদি কৰি কেইবাজনো অভিজ্ঞ ব্যক্তি আমাৰ লগত আছিল। আৰু তেনেকৈ সকলো লগ হৈ আমাৰ অসম কাকতখন আৰম্ভ কৰিলোঁ। ইয়াৰ পাছত মই দৈনিক জনসাধাৰণ কাকতখনৰ লগত জড়িত হৈ পৰো। গোটেইকেইখন কাকতত কাম কৰাৰ মোৰ অভিজ্ঞতা খুবেই ভাল। কাৰণ আমি প্ৰত্যেকদিনে এটা নতুন নতুন ধাৰাৰ সৃষ্টি কৰাত গুৰুত্ব দিছিলো।

প্ৰিণ্ট মিডিয়াত কাম কৰা এজন মানুহ যিজন পৰৱৰ্তী সময়ৰ পৰা বৰ্তমানলৈ ইলেক্ট্ৰনিক মিডিয়াৰ লগত জড়িত। এই যাত্ৰাৰ সময়ত আপোনাৰ অভিজ্ঞতা কেনে?

অভিজ্ঞতা বুলি ক’লে প্ৰিণ্ট মিডিয়াত যিকোনো এটা ঘটনা মানুহে পলমকৈ গম পাই। কিন্তু ইলেক্ট্ৰনিক মিডিয়াত যিকোনো ঘটনা লগে লগেই মানুহে ভিডিঅ’ হওক বা ফটোৰ যোগেৰে হওক  মানুহে ঘটনাটোৰ বিষদ বিৱৰণ পায়। এই দুয়োটা মিডিয়াৰ নিজা নিজা সুকীয়া গুৰুত্ব আছে। ছপা মাধ্যমৰ স্থায়ীত্ব আছে। কিন্তু ইলেক্ট্ৰনিক মিডিয়াত সেইটো দেখা নাযায়। দুয়োটাতেই কাম কৰাৰ মোৰ অভিজ্ঞতাও সুকীয়া।

পৰিৱেশ সাংবাদিকতাৰ বাটকটীয়া হিচাপে আমি সকলোৱে আপোনাৰ জানো। তাৰ সম্পৰ্কত আপোনাৰ কিছু মতামত?

বৰ বিশেষ তেনে ধৰণৰ একো নাই। কিন্তু যিটো সময়ত মই সাংবাদিকতাৰ জগতখনত সোমাই পৰিছিলো সেই সময়ছোৱাত অসমত পৰিৱেশ সাংবাদিকতা একেবাৰে শূণ্য আছিল। মই নিজেই পৰিৱেশ ভাল পাঁও, জীৱ-জন্তু, চৰাই-চিৰিকটি ভাল পাঁও।গতিকে মই এই বিষয়ে ভাবি তাৰ ওপৰতো কাম কৰিম বুলি ভাবিছিলোঁ। আৰু লাহে লাহে যেতিয়া আমি পৰিৱেশ সাংবাদিকতাৰ ওপৰত কাম কৰিবলৈ আৰম্ভ কৰো। পৰৱৰ্তী সময়ত দেখা পালো এজন এজনকৈ আমাৰ সকলোৱে এই দিশত কাম কৰিবলৈ আৰম্ভ কৰিলে। পৰিৱেশ নাথাকিলে আমি বাচি নাথাকিম, আমাৰ অস্তিত্ব নোহোৱা হ’ব। এই কথা মানুহে লাহেকৈ হয়তো বুজিবলৈ আৰম্ভ কৰিলে। সেই কাৰণে এতিয়া লাহে লাহে মানুহে নেচাৰ পাৰ্ক আদি বনাবলৈ আৰম্ভ কৰিছে।

এজন সফল সাংবাদিকৰ সংজ্ঞা কি দিব?

সাংবাদিকতাৰ ভাল বেয়া বুলি কোনো কথা নাথাকে। যিটো সময়ত যি ঘটনা হৈছে সেই সকলোবোৰ মই ভাবো ভালদৰে উপস্থাপন কৰিব পাৰিব লাগে। কঠোৰ পৰিশ্ৰম কৰিব লাগিব। সামাজিক অৱক্ষয়ৰ পৰা আমাৰ সাংবাদিকসকলো প্ৰভাৱিত হৈছে। আজি ইমান বছৰ পাছতো সাংবাদিকসকলৰ দা-দৰমহা ভবা মতে হোৱা নাই। যাৰ বাবে বহুতে টকা ল’বলগীয়া হয়। কিন্তু এই সকলোবিলাক আওকাণ কৰি যিজনে সমাজৰ কাম কৰি আগবাঢ়ি যাব পাৰিছে। সেইজনেই এদিন নহয় এদিন সফলতাৰ মুখ দেখা পাইছে।

প্ৰথম প্ৰাগ নিউজৰ এডিটৰ এতিয়া ডি ৱাই ৩৬৫ৰ মেনেজিং এডিটৰ দুয়োটা চেনেলত পৃথক ৰূপত কাম কৰি আপোনাৰ ব্যক্তিগত অনুভৱ। লগতে কোনটো চেনেলৰ লগত কাম কৰি আপোনাৰ বেছি ভাল লাগিছে।

প্ৰাগ নিউজটো আছিল এটা কেবুল চেনেল। সেই সময়ত আমাৰ টেলিপমটাৰ নাছিল। আমি কাগজত স্কীপ্ট বিলাক লিখি এজনে ধৰি ৰাখিছিলো আৰু এংকৰজনে তেনেকৈ পঢ়ি গৈছিল। বহু কম সংখ্যক মানুহ লৈ আমি এই প্ৰাগ নিউজটো আৰম্ভ কৰিছিলোঁ। এতিয়া ছেটেলাইট চেনেল অহাৰ পাছত বহুত সলনি হ’ল। আগৰ দৰে সমস্যা এতিয়া দেখা নাযায়। প্ৰযুক্তিবিদ্যাই আমাক এনেদৰে আগুৱাই নিছে যে আমি অতি কম সময়তে বহুতো কাম একেলগে কৰিব পৰা হৈছো। আশা কৰিম অনাগত দিনত ইয়াতকৈও আৰু নতুন নতুন প্ৰযুক্তিৰ উদ্ভৱ হ’ব। এতিয়া ম’বাইলতে মানুহে যিকোনো বস্তু কম সময়তে লাভ কৰে। আপোনালোকৰ প্ৰথম খবৰৰ কথায়ে ধৰি লওঁক। বৰ্তমান সময়ৰ মানুহ ইমানেই বেছি ব্যস্ত যে ৰাতিপুৱা উঠি বাতৰি কাকতখন চাবলৈ সময় নোহোৱা হৈছে। যিহেটো ম’বাইলটো আমি অনৰহ লগত লৈ থাকো গতিকে কম সময়ত আমি গোটেই দিনটোৰ খা-খবৰবোৰ ঘৰতে বহি নতুবা ব্যস্ততাৰ মাজতো জানিব পাৰোঁ।  মোৰ মতে, এইটো খুব ভাল হৈছে। নিঃসন্দেহে সাংবাদিকতা বিষয়টো প্ৰযুক্তিবিদ্যাই এটা বেলেগ দিশলৈ গতি কৰাইছে।

এটা চেনেল চলিবলৈ কি কি কথাৰ ওপৰত বেছি গুৰুত্ব দিব লাগে?

প্ৰথম কথা গোটেই টিমটো খুব ভাল হ’ব লাগিব। টেকন’লজি ভাল হ’ব লাগিব। লগতে কেতবোৰ সামৰি বিশেষ কথা কিছুমান বেছিকৈ গুৰুত্ব দিব লাগিব।

আপোনাৰ পৰিক্ৰমা, মত-ভিন্নমত অনুষ্ঠান দুটা চাই সঁছাই খুব ভাল লাগিছিল। এই দুয়োটা অনুষ্ঠান আৰম্ভৰ আঁৰৰ কাহিনী?

প্ৰথমে মই আৰম্ভ কৰিছিলো পৰিক্ৰমা নামৰ অনুষ্ঠানটো। তাৰ পাছত পৰৱৰ্তী সময়ত ইয়াৰ নাম দিছিলো মত-ভিন্নমত। যিকোনো এটা বিষয়ক লৈ বিভিন্নজন অভিজ্ঞ ব্যক্তিক মাতি বিতৰ্ক কৰিছিলোঁ। পৰিক্ৰমা অনুষ্ঠানটো অলপ সুকীয়া আছিল। ধৰক, কোনোবা ব্যক্তিয়ে যদি কিবা ভাল কাম কৰিছে নতুবা কাৰোৱাক সহযোগ তথা উৎসাহিত কৰিছে তেনে সকলক লৈ এই অনুষ্ঠানটো মই আৰম্ভ কৰিছিলোঁ। সংগীত নতুবা তেনে ধৰণৰ কিবা অনুষ্ঠান হ’লে পৰিক্ৰমাত আৰু বিতৰ্ক হ’লে মত-ভিন্নমত অনুষ্ঠানটি কৰিছিলোঁ।

আপোনাৰ নিজৰ দোষ আৰু গুণ কি কি আছে বুলি ভাৱে?

দোষ নাই আক্ষেপ আছে। মই কৈছোৱে যে মোৰ বহুত সপোন আছে। মাউণ্ট এভাৰেষ্টৰ শীৰ্ষত যোৱাৰ খুবেই ইচ্ছা আছে। প্ৰথমবাৰ উভতি আহিবলগীয়া হ’ল আৰু দ্বিতীয়বাৰ বতৰৰ বাবে যাব নোৱাৰিলোঁ। ২০১৩ আৰু ২০১৫ত মই এভাৰেষ্টত গৈছিলোঁ।  পৃথিৱীৰ শীৰ্ষ চোৱাৰ খুবেই ইচ্ছা। যিটো মোৰ থাকি গ’ল। সপোন আছে দক্ষিণ মেৰু, নৰ্থ পুল, এণ্টাৰটিকা চোৱাৰ। নাজানো পাৰো নে নোৱাৰো কিন্তু তথাপিও আশা ৰাখিছো আৰু বহুতো সপোন আছে। অহৰহ এই সপোনবোৰে মোক কামুৰি থাকে। দোষ বুলি ক’লে এতিয়াও লেখা পৈণত হোৱা নাই, জোৰ দিব লাগিব। খংটো মোৰ খুব সোনকালে উঠে। আৰু এটা কথাত খং উঠে আমাৰ কিছুমান মানুহক দেখা পাওঁ য’তে ত’তে থু নতুবা খোৱা বস্তুৰ পেকেট আদি পেলাই ফুৰে এই কথাটোৱে মোক বৰকৈ অশান্তি কৰে। বাকী গুণ বুলি ক’লে ঠিকেই আছে।

সাংবাদিক প্ৰণয় বৰদলৈয়ে আজৰি পৰত কি কৰি ভাল পায়?

আজৰি পৰত মই প্ৰকৃতিৰ মাজত থাকি ভাল পাওঁ। গুৱাহাটীৰ পৰা ওলাই যাব পাৰিলে মই খুব ভাল পাওঁ। ট্ৰেকিং কৰি ভাল পাওঁ বা কামাখ্যা মন্দিৰত গৈ ভাল পাওঁ। অফিচৰ পৰা যোৱাৰ পাছত ৰাতি টিভিৰ ৰিম’ৰ্ট পকাই ভাল পাওঁ। ৱাইল্ড লাইভ চেনেল চাওঁ। লাইভ অ’কেৰ সাৱধান ইণ্ডিয়া, ৰ্কাইম পেট্ৰল এইবিলাকৰ কাজিয়া বিলাক চাওঁ, খঙো উঠে। ৰাতিপুৱা শোৱাৰ পৰা উঠি মৰ্ণিং ৱাক কৰোঁ। ছুইমিং কৰো, টেনিচ খেলো। মুঠতে কিবা নহয় কিবা এটা কৰি থাকি ভাল পাওঁ।

আপোনাৰ ভৱিষ্যপৰিকল্পনা?

এভাৰেষ্টৰ শীৰ্ষত আৰোহণ কৰাৰ ইচ্ছা আছে। গোটেই পৃথিৱীখন যেন ঘূৰি ফুৰিম।এভাৰেষ্টত যাব নোৱাৰৰ বাবে মোক যেন কিবা এটাই খুন্দা মাৰি আছে।যিহেতু পৰ্বতাৰোহণৰ বাবে ২৫ৰ পৰা ৩০ বছৰলৈকে ঠিক আছে। যিহেতু মোৰ এতিয়া বয়সো হৈছে। বহুতো প্ৰত্যাহ্বানো আছে।সপোনটো বহুতে আছে। দেখা যাওঁক কিমান দূৰ আগুৱাই যাব পাৰো।

প্ৰথম খবৰকলৈ আপোনাৰ মতামত?

প্ৰথম খবৰলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল। এতিয়া কেইবাটাও নিউজ পৰ্টেল আহিছে। এটা থাকিলে বেলেগ কথা। যিহেতু এতিয়া আৰু পৰ্টেল আছে গতিকে প্ৰত্যাহ্বান বহুত আহিব। আৰু যিয়ে এই প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰিব সিয়ে জিকিব পাৰিব। মই আশা কৰিম প্ৰথম খবৰে জয়ী হয় যেন। আৰু তোমালোকেও প্ৰথম হ’বলৈ চেষ্টা কৰি যোৱা। সকলোৱে কষ্ট কৰা। ক্ৰমান্বয়ে সকলোৰে মাজত জনপ্ৰিয় হৈ উঠা।

 

 

 

 

 

 

 

Related Articles

Leave a Reply

Close