অসম

বঙালমৰাৰ জাগৃতি সন্মিলিত উন্নয়ন কেন্দ্ৰত পতাকা উত্তোলন কৰে ধৰ্মেন্দ্ৰ কুমাৰ হাজৰিকাই

প্ৰথম খবৰ ,নাওবৈচা: আজি ভাৰতবৰ্ষৰ ৭১তম স্বাধীনতা দিৱস উপলক্ষে পুৱা ৭-৪৫ বজাত লখিমপুৰ জিলাৰ বঙালমৰাৰ জাগৃতি সন্মিলিত উন্নয়ন কেন্দ্ৰত পতাকা উত্তোলন কৰে কাৰ্যকৰী সভাপতি ধৰ্মেন্দ্ৰ কুমাৰ হাজৰিকাই। পতাকা উত্তোলন কৰি দিয়া ভাষণত ভাৰতীয় স্বাধীনতা আন্দোলনত জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত চলা অহিংসা আন্দোলনত প্ৰান আহুতি দিয়া জাতীয় বীৰ সকলক স্মৰণ কৰি তেওঁলোকৰ বীৰত্বৰ সলাগ লয়৷ লগতে বৰ্তমান বানপিড়ীত লোকসকলৰ দুখত সমবেদনা জ্ঞাপন কৰে আৰু দুৰ্গতসকলক সহায়ৰ হাত আগবঢ়াবলৈ সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

এই অনুষ্ঠানত উপ সভাপতি আবু চয়িদ খান , উপদেষ্টাদ্বয় যোগেন বৰা, বঙ্গালমৰা গাঁও পঞ্চায়ত সভাপতি জয়চন্দ্ৰ গগৈ, আঞ্চলিক সদস্যা ৰেনু শইকীয়া, অৱসৰপ্ৰাপ্ত পুলিচ বিষয়া জগৎ মৰাং উপস্থিত থাকে। এই অনুষ্ঠানৰ পাছত সভাকক্ষত “ভাৰত বৰ্ষৰ অহিংস স্বাধীনতা আন্দোলন” ৰ ওপৰত এক আলোচনা সভা অনুস্থিত হয়।
কাষতে থকা বঙ্গালমৰা গাঁও পঞ্চায়ত কাৰ্যালয়তো সভাপতি শ্ৰীযুত জয়চন্দ্ৰ গগৈ দেৱে ৭১ তম স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে।

Related Articles

Leave a Reply

Close