অসম

বঢ়মপুৰত বন্যহস্তীয়ে ভাঙিলে বিদ্যালয় গৃহ

প্ৰথম খবৰ,বঢ়মপুৰ: নগাওঁ জিলাৰ বিভিন্ন ঠাইত বিগত কেইবাদিনো ধৰি হাতী মানুহৰ সংঘাটে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ প্ৰতি নিশাই বন্যহস্তীৰ ৪জনীয়া পালটোৱে বঢ়মপুৰ,পুৰণিগুদাম আৰু চলচলীকে ধৰি বিভিন্ন ঠাইৰ বাসগৃহৰ ক্ষতিসাধন কৰাৰ লগতে খেতি পথাৰৰো বিস্তৰ অনিষ্ট সাধন কৰি আহিছে ৷ ঠিক সেইদৰে বন্যহস্তীৰ দলটোৱে যোৱা নিশাও বঢ়মপুৰৰ বিভিন্ন প্ৰান্তত তাণ্ডৱ চলাই আতংকময় পৰিবেশৰ সৃষ্টি কৰে ৷ জানিব পৰা মতে বন্যহস্তীৰ পালটোৱে যোৱা নিশা বঢ়মপুৰৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়খন ভাঙি চুৰ মাৰ কৰাৰ লগতে বিভিন্ন খেতি পথাৰৰো অনিষ্ট সাধন কৰে ৷ সম্প্ৰতি বন্যহস্তীৰ পালটোৱে বঢ়মপুৰৰ সমীপবৰ্তী জলাহৰ পথাৰত অৱস্থান কৰিছে বুলি জানিব পৰা গৈছে ৷

Related Articles

Leave a Reply

Close