অসমবানপানী ২০১৭

বহৰিত বন্যাৰ্তসকলৰ মাজত বান সাহায্য বিতৰণ

প্ৰথম খবৰ, চেঙা: ৰাজ্যত শেহতীয়াকৈ হৈ যোৱা ভয়াৱহ বানে জুৰুলা কৰিছে নামনি অসমৰ ঐতিহাসিক বাণিজ্যিক কেন্দ্ৰ বৰপেটা জিলাৰ বহৰি। বহৰিৰ পাৰঘাটৰ বন্যাৰ্তসকলৰ মাজত আজি বান সাহায্য বিতৰণ কৰে গুৱাহাটীৰ সংখ্যালঘু উন্নয়ন পৰিষদ,অসম আৰু দিছপুৰ জাতীয় বিদ্যালয়ে। দিছপুৰ জাতীয় বিদ্যালয়ৰ শিক্ষক ছফিউল ইছলামে জানিবলৈ দিয়ে যে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ঘৰে ঘৰে বান সাহায্য সংগ্ৰহ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলেও বানসাহায্য প্ৰদান কৰে।

আজি অনুষ্ঠান দুটিয়ে বহৰি পাৰঘাটত উপস্থিত হৈ বন্যাৰ্তসকলৰ মাজত চেনি, গাখীৰ, বিস্কুট, চাবোন, কাপোৰ আদি বিতৰণ কৰে। সংখ্যালঘু উন্নয়ন পৰিষদ, অসম আৰু দিছপুৰ জাতীয় বিদ্যালয়ৰ এনে মহান কাৰ্যক স্থানীয় ৰাইজে প্ৰশংসা কৰে।

Related Articles

Leave a Reply

Close