অসম

বাক্সাত এটি পৰিয়ালে দুৰ্বিসহ জীৱন কটাইছে গোহালি সদৃশ বাসগৃহত

প্ৰথম খবৰ, মুছলপুৰ: এই দৃশ্য বাক্সা জিলাৰ বাগানপাৰা আৰক্ষী চকীৰ অন্তৰ্গত গেৰুৱা বেলতলৰ।বিবাহিত এজন ব্যক্তি ডেৰ বছৰে নিখোজ হোৱাৰ পাছত নিজ পত্নীসহ চাৰি কণ কণ সন্তানে কটাইছে দুৰ্বিসহ জীৱন। পত্নীগৰাকীয়ে নিজৰ স্বামীক ডেৰ বছৰে বিচাৰি ভাগৰি পৰাত অৱশেষত সহায়ৰ বাবে ওচৰ চাপিছে সংবাদ মাধ্যমৰ।

গেৰুৱা বেলতল গাওৰ বিৰাজ ৰাজবংশী (৩৭)নামৰ বিবাহিত ব্যক্তিজনে তিনি বছৰ পূৰ্বে কৰ্মসংস্হাপন বিচাৰি ওলাই গৈছিল ঘৰৰ পৰা গুৱাহাটীলৈ৷প্ৰথম অৱস্হাত পৰিয়ালৰ লগত যোগাযোগ ৰাখিছিল যদিও বিগত ডেৰ বছৰে পৰিয়ালৰ লগত কোনো যোগাযোগ নাই বিৰাজৰ৷ পৰিয়ালৰ লোকে বিভিন্ন ঠাইত যোগাযোগ কৰিছিল যদিও কোনো শুং শুত্ৰ পোৱা নাই বিৰাজৰ৷পত্নী সহিতে চাৰি সন্তানৰ পিতৃ বিৰাজ ৰাজবংশী কোনো দুষ্ট চক্ৰৰ হাতত পৰাৰ সন্দেহ পৰিয়ালৰ৷আৰ্থিক দন্যতাত ভোগা বিৰাজৰ পত্নীয়ে আনৰ ঘৰে ঘৰে দিন হাজিৰা কৰি সন্তান চাৰিটাক পোহ-পাল দিব লগা হৈছে।

উপায় বিহীন বিৰাজৰ পত্নীয়ে স্থানীয় বাগানপাৰা আৰক্ষী চকীত ঘটনা সম্পৰ্কত অৱগত কৰিছিল যদিও কোনো সুফল নাপালে। পত্নীয়ে এতিয়া বৈধব্যৰ সাজ পৰিধান কৰিব নে স্বামীৰ অপেক্ষাত শীৰত সেন্দুৰ লৈ থাকিব তাক লৈও চিন্তাত পৰিছে বিৰাজৰ পত্নীয়ে৷ এসাঁজ খাই এসাঁজ লোঘনে দিন অতিবাহিত কৰা পৰিয়ালটিয়ে আজি পৰ্যন্ত পোৱা নাই চৰকাৰী কোনো সা-সুবিধা।

উল্লেখ্য যে বৰমা বিধান সভা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মৰ জন্ম গাঁৱৰ এই পৰিয়ালটিক বিধায়কগৰাকীয়ে কোনো ধৰণৰ সহায়ৰ বাবে পদক্ষেপ লোৱা নাই। কোনোবা লোকে যদি ব্যক্তিজনৰ সম্ভেদ পায় তেন্তে বাগানপাৰা আৰক্ষী চকীত অৱগত কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।

Related Articles

Leave a Reply

Close