অসম

বাক্সাৰ অংগনবাড়ী কৰ্মীলৈ ৰাষ্ট্ৰীয় সন্মান

প্ৰথম খবৰ, তামুলপুৰ: বি টি চি ৰ অন্তৰ্গত বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ এলেকাধীন তামুলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ এক নং উলুবাৰী গাঁৱৰ কলিয়াকুৰ অংগনবাড়ী কেন্দ্ৰটোৰ অংগনবাড়ী কৰ্মী কৌশল্যা ৰাভালৈ ভাৰত চৰকাৰৰ সমাজকল্যান দপ্তৰে আগবঢ়াইছে ৰাষ্ট্ৰীয় সন্মান। ভাৰত চৰকাৰৰ সমাজ কল্যান দপ্তৰে ২০১৬/১৭ বৰ্ষৰ বাবে ঘোষনা কৰা এই সন্মানেৰে বিভূষিত হোৱা তামুলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত এক নং উলুবাৰী গাঁৱৰ কলিয়াকুৰ অংগনবাড়ী কেন্দ্ৰটোৰ কৰ্মী কৌশল্যা ৰাভাই নিজৰ একগ্ৰতা আৰু কৰ্তব্যনিষ্ঠাৰে গাঁওখনৰ ৬ মাহৰ পৰা ছয় বছৰলৈ থকা কন কন শিশুৰ সৰ্বাংগীন বিকাশৰ যতন লোৱাৰ উপৰিও শিশু সকলক প্ৰাক্‌ প্ৰাথমিক শিক্ষাৰে শিশুৰ মানসিক, শাৰিৰীক আৰু আধ্যাত্মিক শিক্ষা দি অহাৰ লগতে প্ৰসূতি আৰু গৰ্ভৱতী মহিলা সকলৰ স্বাস্থ্যৰ যতন লৈ আহিছিল৷

এই গৰাকী কৰ্মীয়ে আজি ৰাষ্ট্ৰীয় সন্মানেৰে অসম তথা বিটিচিৰ অন্তৰ্গত বাক্সা জিলা আৰু তামুলপুৰ মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত আজি জিলাখনৰ লগতে তামুলপুৰ মহকুমাবাসীও গৌৰৱান্বিত হৈছে৷ কৌশল্যা ৰাভাই এই সন্মান লাভ কৰাত বাক্সা জিলা উপায়ুক্ত সঞ্জীৱ কুমাৰ গগৈ, তামুলপুৰ মহকুমাৰ মহকুমাধিপতি সুজিত বাগলাৰী, বিধায়ক ইমানুৱেল মুছাহাৰী, বিটিচিৰ ৰেচম আৰু টেক্সটাইল বিভাগৰ কাৰ্যবাহী সদস্য দেৱেন বড়ো, ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, তামুলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া মীৰা দাস বড়ো, মুখ্য সেৱিকা হেমপ্ৰভা দাস, পৰিসংখ্যা বিষয়া সুনীল ডেকা সমন্বিতে প্ৰকল্পটোৰ সকলো মুখ্যসেৱিকা, বিষয়া – কৰ্মচাৰী আৰু বাক্সা জিলা সমাজ কল্যান বিভাগে তেওঁক আদৰনি জনাইছে ৷ ১৯৯১ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা সমাজ কল্যান বিভাগৰ তামুলপুৰ সুসংহত শিশু উন্নয়ন প্ৰকল্পত এগৰাকী অংগনবাড়ী কৰ্মী হিচাবে নিযুক্তি পাই কৌশল্যা ৰাভাই কেন্দ্ৰটোৰ সহায়িকা বিনোদিনী ৰাজবংশীৰ সহযোগত কলিয়াকুৰ কেন্দ্ৰটোত কাম কৰি আহিছে।

বৰ্তমান কেন্দ্ৰটোত ৫১গৰাকী শিশুৱে প্ৰাক প্ৰাথমিক শিক্ষা গ্ৰহন কৰাৰ উপৰিও প্ৰসূতি আৰু গৰ্ভৱতী মহিলা সকলৰ স্বাস্থ্যৰ যতন লৈ আহিছে। ভাৰত চৰকাৰৰ সমাজকল্যন দপ্তৰে ৰাষ্ট্ৰীয় পুৰস্কাৰৰ বাবে মনোনীত কৰাত অংগনবাড়ী কৰ্মী কৌশল্যা ৰাভা উৎসাহিত হৈ পৰিছে। তেওঁ কয় যে এই সন্মানে মোক আৰু দুগুন উৎসাহেৰে কাম কৰিবলৈ সাহস যোগাইছে৷ এই পুৰষ্কাৰৰ বাবে তামুলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া মীৰা দাস বড়ো, মুখ্য সেৱিকা হেমপ্ৰভা দাস আৰু কলিয়াকুৰ অংগনবাড়ী কেন্দ্ৰটোৰ সহায়িকা বনোদিনী ৰাজবংশীৰ অৰিহনা যথেষ্ট আছে। তেখেত সকলৰ ওচৰত আজি মই চিৰ কৃতজ্ঞ৷ কিয়নো তেখেত সকলৰ দিহা পৰামৰ্শ মতে কাম কৰি আজি মই ভাৰত চৰকাৰৰ পৰা ৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হ’লো৷ ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত অংগনবাড়ী কৰ্মী কৌশল্যা ৰাভাই ভাৰত চৰকাৰ, অসম চৰকাৰ, বাক্সা জিলা সমাজ কল্যান বিভাগক ধন্যবাদ জ্ঞাপন কৰিছে ৷
ইপিনে ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হোৱা কৌশল্যা ৰাভাক নতুন দিল্লীত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ভাৰত চৰকাৰৰ সমাজকল্যান দপ্তৰে অহা ৩১ আগষ্টত এই ৰাষ্ট্ৰীয় সন্মান প্ৰদান কৰিব। অহা ত্ৰিশ আগষ্টত প্ৰকল্প বিষয়া মীৰাদাস বড়ো সমন্বিতে পৰিয়ালৰ সদস্য সহ কৌশল্যা ৰাভাই এই সন্মান গ্ৰহন কৰাৰ বাবে নতুন দিল্লীলৈ ৰাওঁনা হ’ব৷ কৌশল্যা ৰাভাৰ এই বাৰ্তাই সংহত শিশু উন্নয়ন প্ৰকল্পটোৰ আন অংগনবাড়ী কৰ্মী সহায়িকা সকলকো উৎসাহিত কৰি তুলিছে৷
উল্লেখ্য যে ভাৰত চৰকাৰৰ সমাজ কল্যান দপ্তৰে অসমৰ দুগৰাকী কৰ্মীলৈ এই ৰাষ্ট্ৰীয় সন্মানৰ বাবে মনোনীত কৰিছে ৷
বাক্সা জিলাৰ অংগনবাড়ী কৰ্মী কৌশল্যা ৰাভাৰ লগতে এই ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে যোৰহাট জিলাৰ মৰিয়নিৰ ন-কছাৰী বলিমৰা অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীগৰাকীয়ে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close