অসম

বাট-পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে চিচিবৰগাঁওবাসীকঃ নিলিপ্ত ভূমিকা অৱলম্বন জনপ্ৰতিনিধিৰ

প্ৰথম খবৰ, চিচিবৰগাঁও: ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বহু কেইখন গাঁৱৰ বাট- পথৰ দুৰৱস্থাই বিগত বহু বছৰ ধৰি অঞ্চলটোৰ ৰাইজক দুৰ্ভোগ ভোগাই আহিছে ।উল্লেখ্য যে, ২০১১ চনৰ ১৫ আগষ্টত গাইনদীৰ প্ৰলয়ংকাৰী বানে ৰাস্তা- ঘাট, দলং আদি উৎখাত কৰি সোণসেউজীয়া পথাৰৰ সোণগুটিবোৰ মোহাৰি, হাজাৰ হাজাৰ মানুহৰ ঘৰ- দুৱাৰ, গৰু-ম’হ প্ৰবল সোঁতৰ বুকুত বিলীন কৰি দি মানুহক জলকুঁৱৰীৰ নিষ্ঠুৰ কবলত এৰি দি তাণ্ডৱ নৃত্য কৰিলে। যাৰ বাবে ধেমাজিৰ চিচিবৰগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত টকৌবাৰী, ভেবেলি, চেচুৱনি, বৰচুক, চকামৰা, সাতুলাচুক ইত্যাদি গাঁওবিলাকত গঢ়ি উঠা প্লাৱনৰ পাহাৰ আজিও দৃশ্যমান। লগতে ই নদীলৈ পৰ্যবসিত কৰি সেই অঞ্চলসমূহৰ সাধাৰণ জনসাধাৰণৰ জীৱনযাত্ৰাত নৰক যন্ত্ৰণা ভূগি আহিব লগাত পৰিছে। বিগত বছৰ সমূহতো এনেদৰেই সেই সকল জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰাত সমস্যা সৃষ্টি কৰি অহাৰ ফলশ্ৰুতিতটো সমষ্টিটোৰ জনপ্ৰতিনিধিয়ে বাট পথ সমূহ উন্নত কৰোৱাৰ ক্ষেত্রত কোনো গুৰুত্ব আৰোপ কৰা নাই। যাৰবাবে বাৰিষা হ’লেই বাট পথ পানীৰে উপচি পৰে ।

অন্যহাতে গাইনদীৰ বানৰ কৱলত পৰি চিচিবৰ গাঁৱৰ মাজেৰে বৈ যোৱা বেউৰা নদীখনে গতি সলাই ইতিপূৰ্বে গাঁওসমূহৰ মাজেৰে বৈ যায়। পৰৱৰ্তী সময়ত পথাৰৰ মাজেৰে পুনৰ নদীখনৰ খনন কাৰ্য কৰিলে যদিও ই সম্পূৰ্ণৰূপে সফল হ’ব নোৱাৰিলে । আনহাতে বিজ্ঞানসন্মতভাৱে গাঁৱৰ পানীসমূহ উলিয়াই নিব পৰাকৈ নলা- নৰ্দমা নিৰ্মান নকৰাৰ ফলতো বাৰিষাৰ ছমাহেই অঞ্চলটোৰ ৰাইজে ওলোৱা সোমোৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈ আহিছে। চিচিবৰগাওঁস্থিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাত্ৰ আধা কিলোমিটাৰ দূৰত্বৰ এই অঞ্চলসমূহৰ ৰাইজে এতিয়া নিজে নিজে বাহঁ- তামোল গছ কাটি আনি যোগাযোগৰ বাবে সাকোঁ নিৰ্মাণ কৰি লৈছে। আনহাতে এই পথসমূহ নদী ৰূপ ধাৰণ কৰাৰ বাবে বিদ্যুতৰ পকা খুঁটাসমূহ বাগৰি পৰাৰ বাবে বৰ্তমান বাৰীৰ ঢাপেৰে বিপদসংকুল ভাৱে বাঁহৰ খুঁটা আদিৰে বিদ্যুৎ সংযোগ কৰি ৰাখিব লগা হৈছে। দীৰ্ঘদিন ধৰি পথৰ এনে দুৰৱস্থাৰ বাবে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী, বৃদ্ধ- বৃদ্ধা, হালোৱা- হজুৱা আদি সকলোৱে অতিষ্ঠ হৈ আহিছে। ৰাইজৰ দুখ দুৰ্দশাৰ প্ৰতি পিঠি দি দিছপুৰত সম্ভ্ৰান্ত জীৱন অতিবাহিত কৰা জনপ্ৰতিনিধিগৰাকীৰ নিলিপ্ত ভূমিকাত সকলোৱে গৰিহণা দিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close