অসমবানপানী ২০১৭

বানৰ পৰা পৰিত্ৰাণ বিচাৰি নাৰায়ণপুৰত নাম-প্ৰসংগ

প্ৰথম খবৰ, নাৰায়ণপুৰ: ৰাজ্যত অব্যাহত থকা প্ৰলয়ংকাৰী বানত এতিয়া জিলাই জিলাই বানাক্ৰান্তৰ হাহাকাৰ অৱস্থা। ক’ৰবাত যদি এতিয়াও জনতাৰ ঘৰে-পদূলিয়ে পানী, ক’ৰবাত আকৌ পানী শুকুৱাৰ পিছত চৰ্মৰোগত ভুগি ত্ৰাহি মধূষুদন সুঁৱৰিছে বানাক্ৰান্তই। তাৰ মাজতে বানৰ কবলত পৰি মৃত্যুমুখত পৰা দুৰ্ভগীয়া লোকসকলৰ আত্মাৰ সদ্গতি কামনাৰ লগতে বানৰ পৰা পৰিত্ৰাণৰ অৰ্থে নাম-প্ৰসংগ অনুষ্ঠিত হ’ল নাৰায়ণপুৰৰ বৰলাপাৰ অঞ্চলত।

পৱিত্ৰ ভাদ মাহৰ প্ৰথম দিনটোতে বৃক্ষবন্ধুৰূপে খ্যাত স্থানীয় লিলা হাজৰিকাৰ বাসগৃহত এই অনুষ্ঠানৰ আয়োজন কৰে সালোক্য সেৱা কানন, অসমে। বানসাহাৰ্য প্ৰদানতে ক্ষান্ত নাথাকি পৰৱৰ্তী সময়ত পানী শুকালে ধান খেতি কৰিব নোৱৰা মাটিবোৰত বাম খেতি কৰি কৃষক সকল লাভৱান হ’ব পৰাকৈ আঁচনি গ্ৰহণ কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে সালোক্য সেৱা কাননে।

Related Articles

Leave a Reply

Close