অসম

বালিপৰাৰ খেলমাটি আদাবাৰী মধ্য ইংৰাজী বিদ্যালয়ত বিজ্ঞান প্ৰতিযোগিতা সম্পন্ন

 প্ৰথম খবৰ, বালিপৰা:  শোণিতপুৰৰ বালিপৰা শিক্ষাখণ্ডৰ খেলমাটি আদাবাৰী মধ্য ইংৰাজী বিদ্যালয়ত আজি অনুষ্ঠিত হয় আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান বিষয়ক প্ৰতিযোগিতা। আজি দিনৰ ১০:০০ বজাত বালিপৰা খণ্ড উন্নয়ন বিষয়া ঈশ্বৰ প্ৰসন্ন চুতীয়াই মহান ভাৰতীয় বিজ্ঞানী আৰ্যভট্টৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে।

অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ অধীনৰ তথা খেলমাটি আদাবাৰী মধ্য ইংৰাজী বিদ্যালয়স্থিত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰটোৰ সমন্বয়ক সুভাষ বৈশ্য আৰু সহঃশিক্ষক তথা সাহিত্যিক ছত্ৰমান চুব্বাই আঁত ধৰা অনুষ্ঠানটোত নিৰ্ধাৰিত কোঠাত বিজ্ঞানৰ আৰ্হি প্ৰস্তুুত আৰু প্ৰদৰ্শন, বিজ্ঞান বিষয়ক আকস্মিক বক্তৃতা আৰু পোষ্টাৰ অংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়।

বিজ্ঞান বিষয়ক জনপ্ৰিয়কৰণৰ লক্ষ্যৰে অনুষ্ঠিত কৰা প্ৰতিযোগিতাসমূহত শিক্ষাখণ্ডৰ অন্তৰ্গত বালিপৰা মজলীয়া বিদ্যালয়, আমাৰীবাৰী মধ্য ইংৰাজী বিদ্যালয়,চেঙেলীমাৰী মজলীয়া বিদ্যালয়,খেলমাটি আদাবাৰী মধ্য ইংৰাজী বিদ্যালয়, এফ এ আহমেদ মধ্য ইংৰাজী বিদ্যালয়কে আদি কৰি ভালেসংখ্যক বিদ্যালয়ৰপৰা সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

অনুষ্ঠানৰ অন্তত অনুষ্ঠিত হয় মুল সভা  বঁটা বিতৰণী সভা। বিদ্যালয়ৰ প্ৰধান শিক্ষক অজিত বড়োৰ সভাপতিত্বত অনুষ্ঠিত সভাত সুভাষ বৈশ্যই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মনীষ ঠাকুৰে ভাষণ প্ৰসংগত কয় যে, বৰ্তমান সময়ত বিজ্ঞান- প্ৰযুক্তিবিদ্যাৰ উত্থানৰ লগে লগে প্ৰতিজন মানৱে বৈজ্ঞানিক মানসিকতাৰ গঢ় দিব লাগিব। দৈনন্দিন জীৱনত অন্ধবিশ্বাস, কুঃসংস্কাৰক প্ৰতিহত কৰিবৰ বাবে প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাৰ্থী জীৱনৰপৰাই পৰ্যবেক্ষণ, অনুসৰণৰ অনুশীলন কৰি জীৱন শৃঙ্খলাৱদ্ধ কৰিব পাৰি। একেদৰে, প্ৰতিজন শিক্ষকে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিশেষ কৌশল, শিকণ-শিক্ষণ সামগ্ৰী প্ৰয়োগ কৰি বিজ্ঞানৰ পাঠদান কৰিব পাৰে, এইক্ষেত্ৰত অভিভাৱকৰো কৰণীয় আছে। এনেধৰণৰ অনুষ্ঠানৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকল উবুদ্ধ অনুষ্ঠান হোৱাটো নিশ্চিত। অনুষ্ঠানত উপস্থিত থকা বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক ৰঞ্জন দাস, অৱসৰপ্ৰাপ্ত শিক্ষক স্বপন কুমাৰ মৈত্ৰ, প্ৰাঞ্জল প্ৰতিম বৰা প্ৰমুখ্য ব্যক্তিসকলেও ভাষণ আগবঢ়ায়।⁠⁠⁠⁠

Related Articles

Leave a Reply

Close