অসম

বিদ্যালয়ত অঘটন, শ্ৰেণী কোঠাৰ চিলিং খহি পৰিল ছাত্ৰীৰ মূৰত

প্ৰথম খবৰ,লালুক: আজি টুনিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাৰ্থনা সভা শেষ হোৱাৰ পাছত সকলো ছাত্ৰ ছাত্ৰী নিজ নিজ শ্ৰেণী কোঠালৈ সোমাই যোৱাৰ কিছু সময় পাছত ঘটিল অঘটন। ৩৩ লাখ টকাৰ আৰ্থিক অনুদানেৰে নতুনকৈ নিৰ্মাণ কৰা গৃহৰ নৱম শ্ৰেণীৰ কোঠাৰ ওপৰ চিলিং ভাগি তৃষ্ণা পাৱে নামৰ ছাত্ৰী গৰাকীৰ মূৰ আৰু হাতত আঘাত পায়। আঘাতপ্ৰাপ্ত তৃষ্ণাক ততাতৈয়াকৈ বিদ্যালয় কৰ্তৃপক্ষই লালুক অসামৰিক চিকিৎসালয়লৈ লৈ যায় আৰু চিকিৎসকে তৃষ্ণাৰ মূৰৰ কটা অংশ চিলাই কৰি দিয়ে। নতুনকৈ নিৰ্মাণ কৰা গৃহটোৰ চিলিং কি কাৰণত আৰু কেনেকৈ খহি পৰিল সেইটো গম পোৱা হোৱা নাই। বৰ্তমান চিকিৎসকে ছাত্ৰী গৰাকী সংকটমুক্ত বুলি জানিবলৈ দিছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close