অসমশীৰ্ষ

বিধ্বস্ত পথ নিৰ্মাণৰ বাবে চিলাপথাৰ নগৰ সমিতিলৈ আবেদন

প্ৰথম খবৰ, চিচিবৰগাঁও: চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয় তথা চিলাপথাৰ সংযোগী পথটোৰ শোচনীয় অৱস্থাৰ বাবে আজি বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই এখন আবেদন নগৰ সমিতিৰ চেয়াৰমেন কবিতা সোণোৱালক প্ৰদান কৰে।

তেওঁ অহা সাত দিনৰ ভিতৰত মেৰামতি কৰিম বুলি আশ্বাস প্ৰদান কৰে। তেওঁৰ পদক্ষেপলৈ চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰিয়ালে আশাৰে বাট চাই আছে বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ বাসগৃহ তথা চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ পথটিৰ আজিকোপতি কিয় নিৰ্মাণ নহ’ল সেইয়া এক চিলাপথাৰবাসীৰ মনত লাখটকীয়া প্ৰশ্ন।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close