অসম

বিপদ সীমাৰ ওপৰত গাই নদীঃ শংকিত চিচিবৰগাঁওবাসী

প্ৰথম খবৰ, চিচিবৰগাঁও: ধেমাজি জিলাত আজি ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত সমান্তৰালভাৱে ধেমাজি জিলাৰ চিচিবৰগাঁওৰ গাই নদীৰ জলপৃষ্ঠ ও বিপদ সীমাৰ ওপৰত থকাৰ কথা জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, আজি পুৱাৰে পৰা আৰম্ভ হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰীয়া নৈ সমূহৰ পানী ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। ফলত ভৈয়ামৰ নৈ -উপনৈ সমূহ পাৰ উপচি পৰাত চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত নদীপৰীয়া লোকসকল আতংকিত হৈ উঠিছে। বৰ্তমানো বৰষুণ অব্যাহত আছে। শেহতীয়াভাৱে বহতো লোকে নিৰাপদ স্থানলৈ গতি কৰাৰ কথা বিশেষসূত্ৰে জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close