অসমবানপানী ২০১৭

বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত লাহৰীঘাটৰ বন্যাৰ্তসকল আশ্ৰয় শিৱিৰ

প্ৰথম খবৰ, লাহৰীঘাট: ১৫জুলাই দিনা লাহৰীঘাটৰ কাঠনীত মথাউৰি ছিঙি বিস্তৃৰ্ভ অঞ্চল প্লাৱিত কৰাৰ কিছু দিন পিছতেই পুনৰ বানপানী ৰোধিবলৈ জলসম্পদ বিভাগে প্ৰায় ৭কোটি টকা ব্যায় সাপেক্ষে কফাৰ ডেম নিমাৰ্ণ কৰে যদিও সেইটোও ভাঙি যোৱাত অতি তীব্ৰ সোঁতত অহা বাঢ়নী পানীয়ে নিশা মানুহবোৰে টোপনিত লাল কাল দি থাকোতেই লাহৰীঘাট আৰু ভূৰাগাঁও ৰাজহচক্ৰৰ অন্তৰ্গত প্ৰায় ৪০খন গাঁও বুৰাই পেলায়।

ইপিনে প্ৰথম বানটোতে খেতি-পথাৰ, ঘৰ-বাৰী নিজৰ সবস্ৰ হেৰুৱাই বহু আৰ্থিকভাৱে টনকিয়াল লোকসকলেও ৰাজ পথৰ দাঁতিত আশ্ৰয় শিৱিৰত আশ্ৰয় ল’বলগা হৈছিল। পানী শুকোৱাৰ পিছত কিছুলোক নিজৰ ঘৰলৈ উভতি গৈছিল যদিও তেওঁলোকে দ্বিতীয় বাৰৰ বাবে বানৰ ৰোষত পৰিবলগীয়া হয় আৰু দ্বিতীয়টো বান ইমানেই তীব্ৰ সোঁতত প্ৰবাসিত হৈছিল যে মানুহে নিজৰ প্ৰয়োজনীয় লাম লাটুক খিনি লৈ আশ্ৰয় বিচাৰি যাবলৈ সময়েই পোৱা নাছিল নিমিষতে বানপানীয়ে ঘৰ-দুৱাৰ সমস্ত চূৰ্ণ বিচূৰ্ণ কৰি পেলায় লাহৰীঘাটৰ পৰা ভূৰাগাঁৱলৈ প্ৰায় ৪০ খনতকৈ অধিক আশ্ৰয়। এতিয়া মানুহে পোহনীয়া জীৱ-জন্তুৰ সৈতে এক কষ্টকৰ পৰিৱেশত জীৱন নিৰ্বাহ কৰিব লগা হৈছে।

Related Articles

Leave a Reply

Close