অসম

বিলাসীপাৰাতো বানৰ তাণ্ডৱ

প্ৰথম খবৰ,বিলাসীপাৰা: বিলাসীপাৰাত দুই শতাধিক গাঁও প্লাবিত ৷ দহটা আশ্ৰয় শিবিৰ স্থাপন ৷ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ (বেলতলী চাৰিআলিৰ কাষত) ওপৰেৰে বৈ গৈছে পানী ৷ যিকোনো মূহুৰ্তত বাঢ়নী পানীয়ে উটুৱাই নিব পাৰে ৰাষ্ট্ৰীয় পথ ৷ সম্প্ৰতি যান বাহনৰ যাতায়ত চলি আছে যদিও পানী বৰ্তমানৰ দৰে বাঢ়ি থাকিলে দুই এঘন্টাৰ ভিতৰত যাতায়ত বন্ধ হৈ পৰাৰ সম্ভাৱনা আছে ৷ আশ্ৰয় শিবিৰত বানাক্ৰান্তই খাদ্য,খোৱাপানীৰ বাবে হাহাকাৰ কৰিছে যদিও স্থানীয় জনপ্ৰতিনিধিয়ে কোনো খবৰ লোৱা নাই ৷

Related Articles

Leave a Reply

Close