অসম

বিশ্বনাথত জোঁৰ সমদল

প্ৰথম খবৰ, বিশ্বনাথ চাৰিআলি: নগাঁৱত বান সাহাৰ্য বিচাৰি যোৱা অসমীয়া যুৱকক অনা অসমীয়া ব্যৱসায়ীয়ে ৰূমৰ ভিতৰত মাৰপিত কৰা ঘটনাৰ প্ৰতিবাদত আজি বিশ্বনাথ চাৰিআলিত প্ৰাক্তন আলফা ঐক্য মঞ্চৰ উদ্যোগত আৰু বিশ্বনাথ চাৰিআলিৰ বিভিন্ন জাতীয় দল সংগঠনৰ সহযোগত জোৰ সমদলৰ কাৰ্যসূচী ৰূপায়ন কৰে।

নগাঁও ঘটনাৰ প্ৰতিবাদত আজি বিশ্বনাথ চাৰিআলিৰ বিনাপানি হলত প্ৰাক্তন আলফা ঐক্য মঞ্চ, আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলৰ মাজত হোৱা এক আলোচনাৰ অন্তত আজিৰ এই সমদলৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিশ্বনাথৰ বিভিন্ন জাতীয় সংগঠনে ভাগ লোৱা এই সমদলত প্ৰায় পাছ শতাধিক স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। বিশ্বনাথ চাৰিআলি পৰিবহন নিগমৰ কাৰ্যালয়ৰ পৰা এই সমদল আৰম্ভ হৈ বিশ্বনাথ ক্লক টাৱাৰৰ পৰা ঘুৰি পুনৰ পৰিবন নিগমৰ কাৰ্যালয়ত সমাপ্ত হয় এই প্ৰতিবাদী সমদল। নগাঁও কাণ্ডৰ বিচাৰ লাগে, অসমত বহিৰাগতৰ দাদাগিৰি নচলিব, জয় আই অসম আদি প্ৰতিবাদী শ্ল’গানেৰে বিশ্বনাথ কঁপাই তোলে এই জোঁৰ সমদলটোৱে।

Related Articles

Leave a Reply

Close