অসমশীৰ্ষ

বিশ্বনাথত বিধ্বংসী অগ্নিকাণ্ড: নিমিষতে জুইত জাহ গ’ল ১০ খন দোকান আৰু ৫ খন মটৰ চাইকেল

প্ৰথম খবৰ, বিশ্বনাথ চাৰিআলি: বিশ্বনাথ চাৰিআলি চহৰৰ আমবাৰীত আজি বিয়লি বিধ্বংসী অগ্নিকাণ্ডৰ সংঘটিত হয়। এখন পিছত এখন দোকান জুইৰ লেলিহান শিখাই আবৰি ধৰে। দাউ দাউকৈ জ্বলি উঠে দহখন দোকান। বিধ্বংসী জুইত জাহ যায় দহখন দোকান। জুইত জাহ যায় এটা গেৰেজত মেৰামতিৰ বাবে ৰখা পাঁচখন মটৰ চাইকেল। অগ্নি নিৰ্বাপক বাহিনীৰ তিনিখন বাহনৰে এইদৰে জুই নুমোৱাৰ চেষ্টা চলোৱা হয়।

জানিব পৰা মতে, প্ৰথমে আউল চেখ নামৰ ব্যক্তিজনৰ ঘৰৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । প্ৰথমে জুইয়ে বিধ্বংসী ৰূপ ধাৰণ কৰা নাছিল যদিও এটা LPG চিলিণ্ডাৰ বিষ্ফোৰণৰ লগে লগে জুয়ে বিধ্বংসী ৰূপ ধাৰণ কৰি সমগ্ৰ চহৰ খনৰ প্ৰতিয়েই প্ৰচণ্ড ভাবুকি নমাই আনে। হাঁহাকাৰ লাগে চৌদিশে। অৱশেষত অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজৰ প্ৰচেষ্টাত জুই নিৰ্বাপিত হয় ।

 

Related Articles

Leave a Reply

Close