অসম

বিশ্বনাথত ৰহস্যজনকভাৱে ৰে’লৰ আগত নিজ সন্তান সহ জপিয়াই মহিলাৰ আত্মহত্যা 

প্ৰথম খবৰ, বিশ্বনাথ চাৰিআলি: কিহৰ তাৰণাত নিজৰ ৫ বছৰীয়া সন্তানক সাৱটি লৈ এগৰাকী মাতৃয়ে ৰে’লৰ আগত জপিয়াই আত্মহত্যাৰ পথ বাছি ল’বলৈ বাধ্য হয়? কেৱল পাৰিবাৰিক কণ্ডলৰ বাবেই এগৰাকী মাতৃয়ে নিজ সন্তান সহ কৰিব পাৰেনে আত্ম হত্যা ? নে ইয়াৰ অন্তৰালত থাকিব পাৰে আন কোনো ৰহস্য।

বিশ্বনাথ ৰে’ল ষ্টেচনৰ সমীপৰ শলমাৰীত আজি পুৱা ৰে’ল আৰক্ষীয়ে ৰেল লাইনৰ সমীপত উদ্ধাৰ কৰিছিল এগৰাকী মহিলা আৰু এটি শিশুৰ ৰে’লে কটা মৃতদেহ। যোৱা  নিশা মূৰ্কংছেলেক ডেকাৰগাঁও সংযোগী পেছেঞ্জাৰ ট্ৰেইনৰ খুন্দাত সংঘটিত হৈছে ঘটনাটো। দুয়োজনৰে শৰীৰ কাটি পেলাইছে ৰে’লে।

মহিলা গৰাকী বাঘমাৰীৰ বাসিন্দা প্ৰশান্ত বৰদলৈৰ পত্নী ৰূপালী বৰদলৈ( ২৩ ) আৰু শিশুটি তেওঁৰ পুত্ৰ  ৠষি বৰদলৈ ( ৫ ) বুলি জানিব পৰা হৈছে। যোৱা কালি সন্ধিয়া ৫ মান বজাৰ পৰাই মহিলাগৰাকী সন্তান সহ পতিৰ সৈতে কাজিয়া কৰি সন্ধানহীন হৈ আছিল বুলি স্থানীয় ৰাইজে প্ৰকাশ কৰিছে। স্বামী প্ৰশান্ত মানসিক ৰোগত আক্ৰান্ত হৈ দুবছৰ পূৰ্বে মস্তিষ্কৰ অস্ত্ৰোপচাৰ কৰাইছিল। শেহতীয়াকৈ আজি কিছুদিন ধৰি স্বামীয়ে মদ খাই অত্যাচাৰ কৰিছিল যদিও কেৱল সেইবাবেই ৰূপালীয়ে নিজ সন্তানৰ সৈতে আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল নে এই আত্মহত্যাৰ আঁৰত আছে আন কোনো ৰহস্য ? ইফালে ৰূপালী আৰু ঋষিৰ আত্মহত্যাৰ খবৰ পাই শোকত ভাঙি পৰিছে আত্মীয়। এই বিষয়ত আৰক্ষীৰ তদন্ত বৰ্তমান অব্যাহত আছে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close