অসম

বিহপুৰীয়া জাতীয় বিদ্যালয়ত বিজ্ঞান প্ৰকল্পৰ প্ৰদৰ্শনী

প্ৰথম খবৰ,বিহপুৰীয়া: ছাত্ৰী-ছাত্ৰী সকলক বিজ্ঞানৰ প্ৰতি ধাউতি বৃদ্ধি আৰু সৃজনীশীল প্ৰতিভা বিকাশৰ লক্ষ্যৰে  বিহপুৰীয়াৰ চন্দেশ্বৰ বৰুৱা স্মৃতি জাতীয় বিদ্যালয়ত আজি অনুষ্ঠিত কৰিলে বিজ্ঞান প্ৰকল্পৰ আৰ্হিৰ প্ৰদৰ্শনী৷ বিদ্যালয়খনৰ সচিব ডা° বিপুল নেওগে শুভাৰিম্ভ কৰি এই প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰি ছাত্ৰ-ছাত্ৰী সকলৰ বৈজ্ঞানিক মানসিকতা গঢ়ি তুলিবৰ বাবে বিহপুৰীয়াত পোন প্ৰথম বাৰৰ বাবে এনে ধৰণৰ কাৰ্যসূচী ৰূপায়ন কৰা হৈছে বুলি উল্লেখ কৰাৰ লগতে ছাত্ৰ ছাত্ৰী সকলকো এনে ক্ষেত্ৰত আগবাঢ়ি যাবলৈ আহ্বান জনায়। বিদ্যালয়খনৰ অধ্যক্ষ যাদব বৰুৱাই আঁতধৰা এই অনুষ্ঠানত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী সকলৰ লগতে অভিভাবক সকলেও অংশ গ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰদৰ্শনীত বৰ্তমান সময়ত জল বিদ্যুৎ প্ৰকল্প সমূহৰ বিপৰীতে বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত সৰ্বসাধাৰণ লোক সকলৰ ক্ষতি নোহোৱা  এটি  প্ৰকল্পৰ আৰ্হি প্ৰদৰ্শন কৰাৰ উপৰিও বৰ্তমান সময়ত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে অভয়াৰণ্য সমূহত এটি অত্যাধুনিক প্ৰকল্পৰ আৰ্হি প্ৰস্তুত কৰি প্ৰদৰ্শন কৰাৰ লগতে বহু কেইটা বিজ্ঞান আৰ্হিৰ প্ৰকল্প প্ৰস্তুত কৰি প্ৰদৰ্শন কৰে ৷

এই প্ৰকল্পৰ আৰ্হি সমূহ প্ৰদৰ্শন কৰি ৰাজ্য চৰকাৰৰ বন বিভাগ আৰু শক্তি বিভাগৰ দৃষ্টি  আকৰ্ষণ কৰিব বিছৰাৰ ছাত্ৰ-ছাত্ৰী সকলে আহ্বান জনালে  কাৰ্যক্ষেত্ৰত সেই আৰ্হি সমূহ প্ৰয়োগ কৰিবলৈ ৷

বিহপুৰীয়া স্নাতকোত্তৰ মহাবিদ্যালয়ৰ প্ৰৱক্তা তপনজিত দত্তই পৰ্যবেক্ষক হিচাপে অংশ গ্ৰহণ কৰা এই বিজ্ঞান প্ৰকল্প প্ৰদৰ্শণীত উচ্চশাখাত প্ৰথম অদ্ৰিজপৱন নেওগ, প্ৰাথিৱ মহন্ত, দ্বিতীয় পুৱালী দত্ত, প্ৰিয়ংকা শইকীয়া, কৃষ্ণ কমল শইকীয়া ,অংকুৰ কাকতী, তৃতীয় চুমন বৰা আৰু কৌশিক নেৱাৰ, ৰোহিত চেত্ৰী, পৰিখিত সোনোৱাল, মধ্যশাখাত প্ৰথম প্ৰত্তাষিত প্ৰশান্তদীপ, দ্বিতীয় অনৱ কাশ্যপ, সুভাশীষ গগৈ, আছিফ ৰহমান, তৃতীয় অষ্মিতা কাকতি, মূচনা মজ্ঞুৰী বৰা, বিক্ৰমজিৎ শইকীয়া, নীলখ লাহন আৰু নিম্নশাখাৰ পঞ্চম শ্ৰেণীৰ সমুহ অংশগ্ৰহণকাৰী ছাত্ৰ ছাত্ৰী সকলক উদ্‌গনিমূলক বঁটা প্ৰদান কৰা হয় ৷

Related Articles

Leave a Reply

Close