অসম

বিহালীৰ মিজিকাজানত চুইনলি মে’মৰিয়েল ফুটবল ট্ৰফী ফুটবল প্ৰতিযোগিতা আৰম্ভ

প্ৰথম খবৰ,বৰগাং: আজিৰে পৰা বিহালী সমষ্টিৰ মিজিকাজান চাহ বাগিছাৰ খেল পথাৰত অনুষ্ঠিত আৰম্ভ হয় ষষ্ঠ বাৰ্ষিক চুইনলি মে’মৰিয়েল ফুটবল ট্ৰফী প্ৰতিযোগিতা খন ৷ মিজিকাজান চাহ শ্ৰমিক, চাহ কৰ্মচাৰী ,স্থানীয় যুৱক সংঘ আৰু অসম চাহ জমজাতি ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতি়যোগিতা খন অানুষ্ঠানিকভাৱে উদ্ধোধন কৰে বিহালীৰ যুৱ সমাজকৰ্মী প্ৰেমলাল গঞ্জুয়ে ৷ উদ্ধোধনী প্ৰতিযোগিতাখন অনুষ্ঠিত হয় লক্ষীমপুৰ ফুটবল একাদশ দল আৰু ৰঙাপাৰা ফুটবল দলৰ মাজত ৷আকাশ কিষানে আঁত ধৰা শুভ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথ অাটছাৰ বিষয়ববীয়াৰ লগতে সমাজকৰ্মী নগেন গোৱালাকে আদি কৰি কেইবাগৰাকীয়ো বিশিষ্ট ব্যক্তি ৷ উল্লেখ যে এই প্ৰতিযোগিতাখনৰ মুল প্ৰতিযোগিতা খন অহা ১০ ছেপ্তেম্বৰ তাৰিখে ৷
আনহাতে ,আজিৰ খেলখনত লক্ষীমপুৰ একাদশ দলে ৰঙাপাৰা দলক ১-০ গলৰ ব্যৱধানত পৰাভূত কৰি বিজয়ী সাৱস্ত্য কৰে ৷

Related Articles

Leave a Reply

Close