অসমবানপানী ২০১৭

ব্ৰহ্মপুত্ৰ-জীয়াভৰলী বাঢ়নী পানীত বুৰ গ’ল তেজপুৰৰ ৩৫ গাঁও

প্ৰথম খবৰ, তেজপুৰ: যোৱাকেইদিন ধৰি চলি থকা নেৰানেপেৰাকৈ বৰষুণ দি থকাৰ ফলত ফেনে-ফোটোকাৰে ওফন্দি উঠিছে ব্ৰহ্মপুত্ৰ -জীয়া ভৰলী নদী। বাঢ়নী পানী সোমাই শোণিতপুৰ জিলাৰ তেজপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৩৫ খন গাঁও এতিয়া বানৰ কৱলত। তেজপুৰ পূৰ্ৱাঞ্চলৰ কুৰিখন গাঁৱৰ লগতে তেজপুৰ চহৰৰ ঔগুৰি পাহাৰৰ বেচেৰিয়া, তলগেৰেকী, বিহগুৰি, খোলাকুটী কছাৰিগাঁও, মিলনপুৰ, ডিপোটা, কুণ্ডাৰবাৰী, নবিন ৰবা চুবুৰি আদি অঞ্চলকে ধৰি ৩৫ খন ৰাজহ গাঁও বুৰাই পেলোৱাৰ লগতে অঞ্চলসমূহৰ পৰিয়ালৰ পশুধন, সা-সম্পত্তি, সামগ্ৰী আদি বানত আৱদ্ধ হৈ পৰিছে।

ইয়াৰ উপৰিও অঞ্চলসমূহৰ খেতিপথাৰসমূহ পানীৰ তলত থকাত শালিধানৰ খেতি সমূহ নষ্ট হোৱাৰ আশংকাত কৃষক ৰাইজে মূৰে কপালে হাত দিছে। উল্লেখ্য যে, যোৱা জুলাই মাহত বছৰটোৰ প্ৰথমটো বানত নৈখনৰ কোবাল সোঁতে মিলনপুৰ -ডিপোটা পৰা তেজপুৰ-ৰঙাপৰা গড়কাপ্টানী পথৰ দুই কাষৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰিছে। তেজপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৩৫ খন গাঁৱৰ ৫০ হাজাৰৰো অধিক লোক বানৰ কৱলত। তেজপুৰ আই টি আই ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীৰ কৱলত।

Related Articles

Leave a Reply

Close