অসম

বৰক্ষেত্ৰীত অসম গণ পৰিষদৰ নিৰ্বাচনী সভা, আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ৰণশিঙা বজালে এজিপিএ

প্ৰথম খবৰ, মুকালমুৱা: ককালত টঙালী বান্ধি আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ৰণশিঙা বজালে অসম গণ পৰিষদ চমুকৈ অগপই৷ নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ তাপাবড়ীত (বৰতলা) আজি অনুষ্ঠিত অসম গণ পৰিষদৰ এখন নিৰ্বাচনী সভাৰ জৰিয়তে অগপই আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ৰণশিঙা বজোৱা বুলি মন্তব্য কৰে অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নেতা আক্ৰাম হুছেইনে ৷ বৰক্ষেত্ৰী সমষ্টিৰ বৰতলা-জয়সাগৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত তাপাবড়ী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত সভাখনত প্ৰায় সাত শতাধিক অসম গণ পৰিষদৰ নেতা কৰ্মী উপস্থিত থাকে ৷ অসম গণ পৰিষদ নলবাৰী জিলাৰ উপ-সভাপতি যোগোদা চৰন তালুকদাৰৰ সভাপতিত্ত্বত অনুষ্ঠিত সভাখনত অসম গণ পৰিষদৰ কেন্দ্ৰীয় নেতা আক্ৰাম হুছেইনকে ধৰি ভালেকেইজন কেন্দ্ৰীয় নেতা উপস্থিত থকাৰ উপৰিও নলবাৰী জিলাৰ সভাপতিকে ধৰি বহুকেইন নেতা কৰ্মী উপস্থিত থাকে ৷ উক্ত সভাত নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ বৰভাগকে ধৰি ১৯ খন আঞ্চলিক পঞ্চায়তৰ সভাপতি-সম্পাদক সহ নেতা-কৰ্মী সকল উপস্থিত থাকে৷ আগন্তুক পঞ্চায়ত নিৰ্বাচনত অসম গণ পৰিষদে অকলেই যুঁজি ক্ষমতা দখল কৰিব বুলিও মন্তব্য কৰে কেন্দ্ৰীয় নেতাজনে ৷ কংগ্ৰেছ ১৫ টা বছৰ আৰু বিজেপিৰ ১৫ মাহৰ শাসনৰ কামত ইতিমধ্য অসমৰ জনসাধাৰণে অতিষ্ঠ হৈ অসম গণ পৰিষদক আকোঁৱালি লোৱা বুলি মন্তব্য কৰে অগপৰ কেন্দ্ৰীয় নেতাজনে ৷ নলবাৰী জিলাৰ অতি চৰ্চাৰ সমষ্টি বৰক্ষেত্ৰী সমষ্টিত আগন্তক পঞ্চায়ত নিৰ্বাচনত বিৰোধী দলক কিদৰে ৰোধিব পাৰে সেই সংক্ৰান্ততো বহু গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় উক্ত সভাত৷ উক্ত সভাত ৬০ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে এখন নিৰ্বাচনী সমষ্টি কমিতিও গঠন কৰা হয় ৷ উক্ত সভাত বৰক্ষেত্ৰীৰ অসম গণ পৰিষদৰ যুৱ নেতা ভূপেন তালুকদাৰো উপস্থিত থাকি বহু মূল্যৱান ভাষণ আগবঢ়াই ৷

Related Articles

Leave a Reply

Close