অসম

বৰডুবি লাংকাছিৰ তৈলক্ষেত্ৰ পাইপলাইনৰ পৰা অহৰহ তেল-গেচ নিৰ্গত, অঞ্চলবাসী বিপদৰ আশংকা

প্ৰথম খবৰ, দুলীয়াজান: বৰডুবি আৰক্ষী থানাৰ অন্তগৰ্ত অইল ইণ্ডিয়া লিমিটেডৰ লাংকাছি তৈলক্ষেত্ৰৰ এডাল তেল পৰিবাহী পাইপ লাইনৰ পৰা অহৰহ গতিত তেল-গেচ নিৰ্গত হৈ থকাত স্থানীয় অঞ্চলবাসীলৈ বিপদ ঘনীভূত হৈছে। এটা দুষ্ট চক্ৰই উক্ত পাইপলাইনত অভিনৱ কৌশলেৰে অতিৰিক্ত ভাল্ব স্থাপন কৰি তেল চুৰি কৰি অহাৰ ফলতেই এই ঘটনাৰ সূত্ৰপাত হয় বুলি জানিবলৈ দিছে অইলৰ বিষয়ববীয়াই।

অঞ্চলটোত এতিয়া যিকোনো মূৰ্হুততে অগ্নিকাণ্ড সংঘটিত আশংকাত। সেইস্থানত জুই তথা তেনে স্পৰ্শজাতীয় বস্তু ব্যৱহাৰ নকৰিলৈ স্থানীয় ৰাইজক সৰ্তক কৰি দিছে বিভাগীয় কৰ্তৃপক্ষই। ইফালে অইলৰ বিভাগীয় লোকে এই পাইপলাইনৰ পৰা তেল গেচ নিৰ্গমন বন্ধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে সফল হ’ব পৰা নাই ।

Related Articles

Leave a Reply

Close