অসম

বৰনদীয়ে উটুৱাই নিয়া ৰঞ্জিতৰ পত্নীৰ বেংক একাউণ্টত চাৰি লাখ টকা প্ৰদান

প্ৰথম খবৰ, তামুলপুৰ: যোৱা ১৭ আগষ্টৰ ৰাতিপুৱা ভূটানৰ পৰা আহি বগামাটিত উপস্থিত হৈ বৰনদী পাৰ হ’বলৈ খোজোঁতে বৰনদীৰ বাঢ়নী পানীৰ প্ৰৱল সোঁতে উটুৱাই নিয়াৰ ফলত মৃত্যু হোৱা কাঠ মিস্ত্রী ৰঞ্জিত মণ্ডলৰ পৰিয়াললৈ আজি তৎকালীনভাৱে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা চাৰি লাখ টকাৰ সাহাৰ্য প্ৰদান কৰা হয়। বাক্সা জিলা প্ৰশাসনে অতি তৎপৰতাৰে আজি দিনৰ ভাগত তামুলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰুণ কুমাৰ ব্ৰহ্মৰ প্ৰতিবেদনৰ ভিত্তিত ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ তৰফৰ পৰা এন. কে. অঙ্গাৰকাটাৰ পলাশবাৰী গাঁৱৰ প্ৰয়াত ৰঞ্জিত মণ্ডলৰ পত্নী সোণাস্কা মণ্ডলৰ বেংক একাউণ্টত নেট বেংকিংৰ জড়িয়তে এককালীন সাহাৰ্য হিচাপে চাৰি লাখ টকা জমা কৰি দিয়ে। তামুলপুৰৰ বিধায়ক ইমানুৱেল মোছাহাৰী, জিলা প্ৰশাসনৰ ফালৰ পৰা তামুলপুৰৰ মাহকুমাধিপতি সুজিত বাগলাৰী, এমচিএলএ বিজিত গৌৰা নাৰ্জাৰীএ ৰঞ্জিত মণ্ডলৰ ঘৰত উপস্থিত হৈ চাৰি লাখ টকাৰ এককালীন সহায্যৰ অনুমোদন পত্ৰ খন ৰঞ্জিতৰ পত্নী সনাস্কা মণ্ডলৰ হাতত প্ৰদান কৰে আৰু লগে লগে নেট বেংকিংৰ জৰিয়তে সোনাস্কাৰ একাউণ্টত টকাখিনি সুমুৱাই দিয়া হয়।

উল্লেখ্য যে, ৰঞ্জিতে নিজৰ পিতৃ মাতৃ, পত্নী আৰু ৫ , ৩ বছৰীয়া দুটি কন্যা সন্তান আৰু এটি তিনি মহীয়া পুত্ৰ সন্তান ইহ সংসাৰত এৰি থৈ গৈছে। চৰকাৰ তথা প্ৰশাসনৰ এনে তাৎক্ষণিক ব্যৱস্থাক ভূয়সী প্ৰশংসা কৰিছে দুৰ্ভগীয়া পৰিয়ালৰ সদস্য আৰু স্থানীয় ৰাইজে।

Related Articles

Leave a Reply

Close