অসম

বৰপেটাৰোডত স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ব্যাপক তালাচী

প্ৰথম খবৰ, বৰপেটাৰোড: স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত যাতে কোনেও কুটাঘাটমূলক ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে বৰপেটা জিলা প্ৰশাসনে বিশেষ সতৰ্কতামূলক পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ এক পদক্ষেপ হিচাবে তেওঁলোকে যান -বাহন সমূহত অতৰ্কিতে তালাচী অভিযান চলোৱা আৰম্ভ কৰিছে। আজি বৰপেটাৰোডত এক তালাচী চলাই যান-বাহনসমূহ তন্ন তন্নকৈ পৰীক্ষা কৰে।

বৰপেটাৰ অতিৰিক্ত উপায়ুক্তদ্বয় পুলক পাটগিৰি, সত্যজ্যোতি বৰুৱা আৰু জিলা পৰিবহন বিষয়া গৌতম দাসৰ নেতৃত্বত অহা পৰিবহন বিভাগৰ দলটোৱে ভালেমান সৰু বৰ গাড়ী আৰু বাইকত এই তালাচী অভিযান চলায়। তেওঁলোকে জনোৱা মতে, এনেধৰণৰ হঠাৎ তালাচী অভিযান জিলাখনৰ বিভিন্ন স্থানত চলোৱা হ’ব।

Related Articles

Leave a Reply

Close