অসম

বৰপেটাৰোড প্ৰেছ ক্লাৱত বিধায়ক ৰনজিৎ দাসৰ সংবাদ মেল

প্ৰথম খবৰ, বৰপেটাৰোড: সংবাদ মেলত উপস্থিত থাকে গড়কাপ্তানি বিভাগৰ আয়ুক্ত ৰাকেশ কেম্প্ৰাই, মুখ্য অভিযন্তা অজিৎ কাকতি , অতিৰিক্ত মুখ্য অভিযন্তা কুশল শইকীয়া , অধীক্ষক অভিযন্তা ৰমেশ চক্ৰৱৰ্তী ।

বৰপেটাৰোড মানাহ সংযোগী পথ চাফাকামাৰত বিধ্বস্ত হোৱাত উদ্বিগ্ন চৰকাৰ।

জল সম্পদ বিভাগৰ মুখ্য অভিযন্তা বীৰ সিং ৰংপীৰ চৰজমিন পৰ্য্যৱেক্ষণৰ বাবে চাফাকামাৰ যোৱাকালি পৰিদৰ্শন ।

বেঁকীৰ গৰাখহনীয়া স্থায়ী সমাধানৰ বাবে কেন্দ্ৰৰ ওচৰত ১৪০ কোটি টকাৰ আঁচনি দাখিল ।

জিও বেগ আঁচনিৰ বাবে কালি ৪ কোটি টকা ৪০০ মিটাৰৰ বাবে অনুমোদন লাভ।

সংবাদ মেলত আয়ুক্ত ৰাকেশ কেম্প্ৰাৰ বক্তব্য

জল সম্পদ বিভাগে ভৰ বাৰিষাৰ বাবে গৰখহনীয়াত বিধ্বস্ত হোৱা চাফাকামাৰৰ অংশখিনিৰ সম্পূৰ্ণ মেৰামতি নকৰা পৰ্যন্ত যিহেতু পথছোৱা মেৰামতি কৰিব নোৱাৰি সেয়ে বৰ্তমান দুটা বিকল্প পথৰ ব্যৱস্থা কৰিব গড়কাপ্তানি বিভাগে।

চাফাকামাৰ – নাথপাৰা হৈ যোৱা পথটো সৰু গাড়ীৰ বাবে আৰু গোৱৰ্ধনা – খুচৰাবাৰী – খৈৰাবাৰী সংযোগী পথটো ডাঙৰ গাড়ীৰ বাবে মুকলি কৰিব অচিৰে।

দুয়োটা পথ পোন্ধৰ দিনৰ ভিতৰত সম্পূৰ্ণ মেৰামতি কৰাৰ লক্ষ্যৰে কাম আৰম্ভ কৰিব বিভাগটোৱে।

Related Articles

Leave a Reply

Close