অসম

বৰপেটাৰ কাৰায়খাইতিত চাঞ্চল্যকৰ ঘটনা, প্ৰেমৰ কৰুণ পৰিণতিত প্ৰেমিকৰ আত্মহত্যা

প্ৰথম খবৰ, নগৰবেৰা: বৰপেটা জিলাৰ চেঙা সমষ্টিৰ দক্ষিণ প্ৰান্তৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত কাৰায়খাইতিত যোৱা নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। অতি কৰুণ মৰ্মান্তিক আৰু হৃদয় বিদাৰক ঘটনাই চুই গৈছে সমগ্ৰ অঞ্চলটোৰ ৰাইজক। এই ঘটনাই শোকাকুল কৰিছে প্ৰতিজন হৃদয়বান ব্যক্তিক।

জানিব পৰা মতে, জিলাখনৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত আলোপতিস্থ ডঃ জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ তথা কাৰায়খাইতি গাঁৱৰ বাসিন্দা হানিফ আলী পুত্ৰ আশ্ৰফ আলী আৰু একেখন গাঁৱৰে মুক্তাৰ আলীৰ কন্যা আজমলা খাতুন নামৰ দশম শ্ৰেনীৰ ছাত্ৰী গৰাকীৰ মাজত আছিল দীৰ্ঘদিনীয়া প্ৰেম। কিন্তু তেওঁলোকৰ প্ৰেমিক আশ্ৰফৰ পৰিয়ালে স্বীকৃত নিদিয়াৰ বাবে বুধবাৰে পুৱতি নিশা প্ৰেমিক আশ্ৰফ আলীয়ে চিপ লৈ আত্মহত্যা কৰে। পৰিয়ালৰ লোকে ৰাতিপুৱা ভাগত ঘৰৰ ওচৰত নৱ নিৰ্মিত এখন ঘৰৰ পৰা চিপ লৈ থকা প্ৰত্যক্ষ কৰি হুৱাদুৱা লগায় আৰু যুৱকজনক মৃত অৱস্থাত পৰিয়ালৰ লোকে উদ্ধাৰ কৰে।

উল্লেখ্য যে, ঘটনাস্থলীত কাছুমাৰা আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মৃত যুৱকজনৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।ইপিনে প্ৰেমিকৰ মৃত্যুৰ খবৰ পাই বিষ খাই আত্মহত্যাৰ চেষ্টা কৰা প্ৰেমিকা আজমলা খাতুনক মুমূৰ্খ অৱস্থাত পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে কাৰায়খাইতি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ যায় যদিও চিকিৎসালয়ত কোনো ডাক্তৰ-নাৰ্চ নথকাৰ বাবে ভৰ্ত্তি কৰায় কাৰায়খাইতী বজাৰৰ এখন ফাৰ্মাচিত।পিছত প্ৰেমিকাগৰাকীৰ অৱস্থা অতি সংকটজনক হোৱাত পৰিয়ালৰ লোকে উন্নত চিকিৎসাৰ বাবে জিএমচিএইছ লৈ যায়। যুৱকজনৰ এনে কৰুণ মৃত্যুত অঞ্চলটোত এক গভীৰ শোকৰ ছাঁ পৰিছে।ইপিনে প্ৰেমিকাগৰাকীয়ে আত্মহত্যাৰ চেষ্টা কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related Articles

Leave a Reply

Close