অসম

বৰভাগত খাদ্য প্ৰস্তুতকৰণ, দক্ষতা বিকাশ কৰ্মশালা অনুষ্ঠিত

প্ৰথম খবৰ,বৰভাগ: বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ বৰশিমলুৱা এল পি স্কুলত আজি ৰাতিপুৱা ১১বজাত স্কীল ডেভলপমেণ্ট এণ্ড ফুড প্ৰোচেচিং ইণ্ডাষ্ট্ৰীজৰ সৌজন্যত ষ্টাৰ এভাৰগ্ৰীণ ডেভলপমেণ্ট ছ’চাইটীৰ উদ্যোগত অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সহযোগত এখন খাদ্য প্ৰস্তুতকৰণ আৰু দক্ষতা বিকাশ কৰ্মশালা অনুষ্ঠিত হৈ যায়৷

কৰ্মশালাত সমল ব্যক্তি হিচাবে উপস্থিত থাকে পঃ বঃ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কল্যাণ দাস আৰু সাংবাদিক নৰেন শৰ্মা৷ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে অলকেশ শৰ্মাই জাম, জেলি, চৰৱত, আচাৰ প্ৰস্তুতকৰণ আৰু সংৰক্ষণৰ প্ৰশিক্ষণ দিয়াৰ লগতে প্ৰদৰ্শন কৰি দেখুৱাই৷ প্ৰায় শতাধিক মহিলা উপস্থিত থকা অনুষ্ঠানত চছাইটিৰ অধ্যক্ষ অমৰেন্দ্ৰ দাস,সচিৱ মন্টুকুমাৰ শৰ্মা,সদস্য ধনজিৎ বৈশ্য আদি কৰি বিশিষ্ট লোক সকল উপস্থিত থাকে ৷

Related Articles

Leave a Reply

Close