অসমলাফিকুল

বৰমা কদমতলত টায়াৰ জ্বলাই এবিএমছুৰ প্ৰতিবাদ 

প্ৰথম খবৰ, বৰমা: পুনৰ উত্তপ্ত বড়ো ভুমি৷ এবিএমছুৰ সভাপতি লাফিকুল ইছলামক কোনো দুস্কৃতিকাৰীয়ে কোকৰাঝাৰত গুলীয়াই হত্যা কৰাৰ প্ৰতিবাদত বাক্সা জিলাৰ কদমতল চকত মুছলপুৰ জিলা এবিএমছুই ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰে। প্ৰতিবাদৰ সময়ত ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথত তীব্ৰ যানজোঁটৰ সৃষ্টি হয়। অসম চৰকাৰ, বিটিএডি চৰকাৰ আৰু আৰক্ষী প্ৰশাসনে ৰাইজক নিৰাপত্তা দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ কৰি দোষক শাস্তি দিয়াৰ দাবী কৰে। এসপ্তাহৰ ভিতৰত দোষীক চিনাক্ত কৰি শাস্তি দিয়াৰ দাবী কৰে সংখ্যালঘু ছাত্ৰ সংগঠনটোৱে। অন্যথা জংগী আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব বুলি সকিয়াই দিয়ে আৰক্ষী প্ৰশাসন আৰু অসম চৰকাৰক। ইফালে বিপিএফ, সংখ্যালঘু কোষৰ কেন্দ্ৰীয় সভাপতি আলাউদ্দিন আলীয়ে লফিকুলৰ হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহনা দি দোষীক ২৪ ঘণ্টাৰ ভিতৰত চিনাক্ত কৰি শাস্তি দিয়াৰ দাবী কৰি বিটিএডিত শান্তি সম্প্ৰীতি অটুত ৰখাৰ বাবে সকলো পক্ষকে আহ্বান জনায়।

 

Related Articles

Leave a Reply

Close