অসম

ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু ডাক বিভাগৰ ১৪৯ টা পাচপোট সেৱা কেন্দ্ৰ নতুনকৈ মুকলি

প্ৰথম খবৰ, বাৰপূজীয়া: ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু ডাক বিভাগৰ দ্বাৰা ৰাইজৰ সুবিধাৰ্থে প্ৰথম পৰ্যায়ত ৮৬ টা ডাকঘৰক পোষ্ট অফিচ পাচপোট সেৱা কেন্দ্ৰ হিচাপে মুকলি কৰা হৈছিল। বৰ্তমান ভাৰতবৰ্ষ জুৰি পূৰ্ণৰ ১৪৯ টা ডাকঘৰক পোষ্ট অফিচ পাচপোট সেৱা কেন্দ্ৰ হিচাপে মুকলি কৰা হৈছে।

ইয়াৰ ভিতৰত অসমৰ ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, কাৰ্বি আংলং, কোকোৰাঝাৰ, মঙ্গলদৈ, উত্তৰ লক্ষিমপূৰ, শোণিতপুৰ আৰু তিনিচুকীয়াৰ মুঠ ৯ টা ডাকঘৰত এই পোষ্ট অফিচ পাচপোট সেৱা কেন্দ্ৰৰে সামৰি লোৱা হৈছে। এই উল্লেখিত ডাকঘৰ সমুহত ৰাইজে পাচপোট সম্বন্ধীয় বিভিন্ন সেৱা লাভ কৰিব পাৰিব।

Related Articles

Leave a Reply

Close