কবিতাসাহিত্য

ভিন্ন দিনৰ গান-৪

ননী মাধৱ ফুকন:

উপন্যাস এখনৰ গভীৰতাত তৰল শিহৰণৰ সূঁতি এটি আছিল..                                               তাতে ৰাগ বিৰাগৰ সাঁকো এডাল …পচোৱা কাঠৰ শলখাৰে নেঘেৰী খোপা বন্ধাৰ দৰে সূঁতি পাৰ হ’বলৈ সাঁকোডালো টানি বান্ধি ল’ব লাগে.. ঢেঁকীয়াপাতৰ হাকূটীয়া গাঁঠিৰে….                                     সকলো ঠিকেই আছিল…মই পাৰ হ’লোঁ সূঁতিত

  বুকুত হাত থৈ মোৰ ঔ-ফুলীয়া যুক্তাক্ষৰ টো বিছাৰি বিছাৰি নাপালোঁ, হঠাৎ…নাই।

ৰাজস্থানী সুৰাৰ পাতল ঠেহ মোৰ সমুখত ৰাখি
বৰষুণ ভালপোৱা ছোৱালী জনী মোৰ চকুত উপঙি ৰ’ল ….                                              তাইৰ বুকুত ঢালি ললোঁ মোৰ হেঁপাহ – সত্যাগ্ৰহ … আৰু কোঠালিবোৰ এটা এটাকৈ বাকি গলোঁ ওঁঠত এতিয়া চকুযুৰি ডুবি আছে …তাইৰ নাভিতলৰ বতাহত

মেলিটাৰী কেম্পটো পিঠিত বান্ধি বসন্ত ঋতু আৰু তাৰ সেউজীয়া ছাঁ বোৰৰ সমুখত,                       ৰ’দৰ তেজ পি জীয়াই থকা জীৱাশ্মৰ এটি যুগ।

সৈনিক পেহাদেউৰ হাতৰ পৰা কেকটাছ পুলি দুটাই চাই ৰৈছে মোক..                                     এপাবমান মঙহাল গাত বালিয়া বোকাৰ ফুটুকী কাঁইট                                                       ডিঙিলৈকে আটোল-টোল আখৰ … ৰহন মাত     পিয়াহ বিছাৰি শিপা দুডালি মেলি দিলে মোৰ গা  এই মালিৰ হৃদয়খনেই হেনো দোৱাত !

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close