কবিতাসাহিত্য

ভিন্ন দিনৰ গান-৭

ননী মাধৱ ফুকন:

হেৰ’ বাঁহী…বলিয়া ল’ৰাটোক কাৰ ভৰসাত তই বাজলৈ পঠালি                                               শুৰাই খেদিছেগৈ– হাবিৰ মইনা ধৰা চিকাৰীৰ জাক…শলখাৰে শিঙি নিব তাক

ৰিঙিয়াই মাতি থাকে–জীয়া শিলৰ পোৱালি এজাক…জোকৰ ভূতে গিলি থ’ব তাক

মেনহ’লত গানৰ বিপনী পাতিছে– বৰ আঁহতৰ কজলা ছাঁ পাৰিছে–জোৰ বতাহৰ ডাল ভৰি ভৰি মাটি চৰাইৰ মাত…মোক কয়..সৌটো সৌটো ..ৰ ধৰি আনি দিওঁ তাক।

চপৰা আন্ধাৰৰ তলত তাৰ সপোন সাৰে থাকে,.সপোনৰ দুবাহুত মূৰ গুজি তাৰ বেলিটো জ্বলি আছে…নদীমূখৰ ওঁঠত বন-শংখৰ ৰাগ সিয়েই ঢালি দিছে…বাঁহী

সেউজীয়া সুহুৰিৰ গঁজালি এখেৰ                আনি মোৰ বুকুৰ জোখাৰে কামিহাড় গুঁঠিছে…অহৌৰাত্ৰি

হেৰ’ বাঁহী..তোৰ শেষ ক’ত ! মোৰে শপত, বলিয়া ল’ৰাটোক তই নামাৰিবি।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close