কবিতাসাহিত্য

ভিন্ন দিনৰ গান-৮

ননী মাধৱ ফুকন:

ঘৰচিৰিকা জাক ঘৰত নাই
পথাৰ আৰু বেদুইনৰ মাজতো !

ৰক্তাক্ত ৰাজপথত শালিকা এটাৰ গান
শ্ল’গান নে চিৎকাৰ !

ঘৰমুৱা আঁচনিৰে ঢাকি ডাঙৰ ককাইৰ মৃতদেহ আনিছে।

স্থৱিৰ পেইণ্টিং এখনৰ ফ্ৰেম কাটি বাগৰিছে তেজ।

তেজ আৰু তেজ
সম্প্ৰতি, তেজত উটি আছে আমাৰ সন্মিলন আৰু সংঘ।।

Related Articles

Leave a Reply

Close