অসমশীৰ্ষ

মঙলদৈত বোমাতংক

প্ৰথম খবৰ, মংগলদৈ /দেওমৰনৈ: আজি দৰং জিলাৰ মঙলদৈ চহৰৰ মাজমজিয়াত বোমাতংক। চহৰখনৰ বৰপুখুৰী পাৰত এটা ডাষ্টবিনত সেনা-আৰক্ষীয়ে উদ্ধাৰ কৰে বোমাটো। চহৰৰ মাজমজিয়াত এই ঘটনা সংঘটিত হোৱাত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।
অৱশ্যে পিছত আচল ৰহস্য ফাদিল হয়। বোমাটো প্ৰকৃততে কোনো সন্ত্ৰাসবাদী অথবা দুষ্কৃতিকাৰীয়ে সংস্থাপন কৰা নাছিল। এই বোমাটো দৰং জিলা প্ৰশাসনে ৰাইজৰ সতৰ্কতামুলক বাৰ্তা দিবলৈ মঙ্গলদৈ আৰক্ষীয়ে মকড্ৰিল (Demo)কৰাৰ বাবে সংস্থাপন কৰিছিল।
আৰক্ষীয়ে ৰাইজক আতংকিত নহ’বলৈ¸হাহাকাৰ পৰিস্থিতি সৃষ্টি নকৰি জিলা প্ৰশাসনক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close