অসমশীৰ্ষ

মহানগৰীৰ কল চেন্টাৰত লুন্ঠনৰ জাল : আটক ১১ প্ৰৱঞ্চক

বিশেষ প্ৰতিবেদক,প্ৰথম খবৰ: ভাৰতৰ প্ৰৱঞ্চক এতিয়া মূৰৰ কামৰণি হৈ পৰিছে আমেৰিকাবাসীৰ বাবে । ভাৰতবৰ্ষৰ পৰা আমেৰিকাবাসীৰ ধন লুটিছে ভাৰতীয় প্ৰৱঞ্চকে । আৰু এই প্ৰবটৱঞ্চকৰ ঘাটি হৈ পৰিছে ৰাজধানী চহৰ গুৱাহাটী মহানগৰী । গুৱাহাটীৰ পৰা দুটাকৈ কল চেণ্টাৰ যোগে আমেৰিকাৰ লোকৰ পৰা দীৰ্ঘদিনে লুটিলে আহিছিল কোটি কোটি টকা । অৱশেষত বশিষ্ঠ আৰক্ষীৰ জালত পৰিল প্ৰৱঞ্চকৰ দলটো । দলটোক সোধাপোছাত ওলাই পৰিছে এই বিস্ফোৰক তথ্য । মাৰ্কিন যুক্তৰাষ্ট্ৰৰ টেলিকমিনিকেচন ইন্টাৰনেল ৰেভিনিও চাৰ্ভিছ টেক্স নামৰ সংস্থাটোৱে আমেৰিকাবাসীক টেলিফোন যোগে গুৱাহাটীৰ পৰা আয়কৰ নিদিয়াৰ অভিযোগ লৈ যোগাযোগ কৰি আহিছিল । বছৰীয়া আয় নিদিয়া আমেৰিকাবাসীক বিভিন্ন কৌশলেৰে ফোন কৰি বেংক একাউন্ট যোগে সংগ্ৰহ কৰি আহিছিল ধন । গুৱাহাটীত থকা কল চেণ্টাৰটো মুম্বাইৰ পৰা নিয়ন্ত্রিত হৈ এই দুষ্টচক্ৰটোৱে ধন লুটিছিল মার্কিনলোকৰ । মহানগৰ আৰক্ষীৰ এক গোপন তথ্যৰ ভিত্তিত বেলতলাৰ কল চেণ্টাৰটোত অভিযান চলাই বশিষ্ঠ আৰক্ষীয়ে । আৰক্ষীৰ জালত পৰে এই চক্ৰটোৰ ১১ জন কৈ কলাৰ প্ৰবঞ্চক । ধৃত কেইজন ৰাহুল চাৰ্কি, মিন্টু সোনোৱাল, মানিশ কছাৰী, ফ্ৰান্সিছ মালঙিয়ান, শিৱম গাৰ্গ, সুচাজিত দাস, কেটন কৌশল, খানা গুলজাৰ, বিপুল চৌহান, ৰানা প্ৰতাপ কলিতা, মেভেদা পুনিট ।

Related Articles

Leave a Reply

Close