অসম

মহানগৰীৰ লালমাটিত পথ দুৰ্ঘটনা

বিশেষ প্ৰতিবেদক,প্ৰথম খবৰ: গুৱাহাটী মহানগৰীৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা । লালমাটিৰ ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনা । নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথত বাগৰি পৰিল এখন চাহপাত ভৰ্তি ট্ৰাক । খানাপাৰাৰ পৰা জালুকবাৰী অভিমুখী AS 01 FC 2644 নম্বৰৰ ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে ৰাজপথৰ মাজত । দুৰ্ঘটনাৰ পিছতেই ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হয় তীব্ৰ যানজট । ইফালে, দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ট্ৰাকৰ চালক-হেণ্ডিমেন ৷

Related Articles

Leave a Reply

Close