অসম

মাহমৰাত এটি সন্তানৰ মাতৃ নিখোজ

প্ৰথম খবৰ, মাহমৰা: চৰাইদেউ জিলাৰ মাহমৰা বুঢ়াগোঁহাই বাৰী গাঁৱৰ পৰা এটি ১২ বছৰীয়া সন্তানৰ মাতৃ ৰহস্য জনকভাৱে নিখোজ হোৱা ঘটনাই অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি হৈছে। গাঁওখনৰ প্ৰৱণ হাতীমূৰীয়াৰ পত্নী মামণি হাতীমূৰীয়া (28 )যে যোৱা ২০ আগষ্ট তাৰিখে নাজিৰাৰ মাদুৰীত থকা মাতৃ গৃহত ফুৰিবলৈ যায়। ইফালে প্ৰৱণে শহুৰেকৰ ঘৰলৈ ফোন যোগে খবৰ লোৱাত উপস্থিত নাই হোৱা বুলি কয়।

ইপিনে দিন হাজিৰা কৰি কোনোমতে জীয়াই থকা প্ৰৱণ হাতীমূৰীয়াৰ পত্নীয়ে স্বামী গৃহত এৰি থৈ যোৱা ১২ বছৰীয়া পুত্ৰ সন্তানক লৈ পিতৃয়ে হৈ পৰিছে মৰ্মাহত। ইফালে পত্নী-নিখোজ হৈ থকাৰ সন্দৰ্ভত ইতিমধ্যে স্থানীয় কাকতিবাৰী আৰক্ষী থানাত পৰিয়ালৰ লোক এজাহাৰ দাখিল কৰিছে।

 

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close