অসম

মুছলিম ছাত্ৰ সন্থাৰ খাৰুপেটিয়া টাউন আঞ্চলিক সমিতি গঠন

প্ৰথম খবৰ খাৰুপেটিয়া: দৰং জিলাৰ খাৰুপেটিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত সাধাৰন সভাত মুছলিম ছাত্ৰ সন্থাৰ খাৰুপেটিয়া আঞ্চলিক সমিতিখন গঠন কৰা হয়৷ জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলো জনসাধাৰনৰ মাজত ঐক্য শান্তি আৰু ভাতৃত্ববোধ বজাই ৰাখি সমাজৰ মাজত চলি থকা অন্ধবিশ্বাস আৰু কুসংস্কৃতি সমুহ দুৰ কৰাৰ উদ্দেশ্যে সদায় মাত-মাতি অহা মুছলিম ছাত্ৰ সন্থাই প্ৰায় শতাধিক ৰাইজৰ উপস্থিতিত খাৰুপেটিয়া আঞ্চলিক সমিতিখন গঠন কৰা হয়৷

মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক হাফিজুৰ ৰহমান, জিলা সাধাৰণ সম্পাদক আবুল হাছেমৰ নেতৃত্বত খাৰুপেটিয়া অঞ্চলৰ যুৱ ছাত্ৰ মিন্টুল হকক সভাপতি আল আমিনুল ইছলাম,আমিৰুল ইছলামক উপসভাপতি শ্বৰিফ চৌধুৰী আৰু আব্বাছ আলীক সাধাৰণ সম্পাদক হিচাপেলৈ ৪১ জনীয় সদস্যৰে মুছলিম ছাত্ৰ সন্থাৰ খাৰুপেটিয়া আঞ্চলিক সমিতিখন গঠন কৰা হয়।

দৰং জিলা সমিতিৰ উপসভাপতি ছাব্বিৰ আলীৰ সভাপতিত্ব অনুস্থিত হোৱা সভাত কেন্দ্ৰীয় সমিতিৰ উপসভাপতি আব্দুৰ ৰৌফৰ লগতে দৰং জিলা সমিতিৰ সাধাৰণ সম্পাদক জহিৰুল খলিফা,ৱমুখ্য সাংগঠনিক সম্পাদক নুৰ আবুজাহেৰ ছিদ্দিক উপস্থিত থাকে৷

 

Related Articles

Leave a Reply

Close