অসম

মুৰফুলনিৰ বিভিন্ন অঞ্চলত স্বাধীনতা দিৱস উদযাপন

প্ৰথম খবৰ,মুৰফুলনি: আজি ১৫ আগষ্ট। সমগ্ৰ দেশৰ লগতে গোলাঘাটৰ মুৰফুলনিৰ বিভিন্ন অঞ্চলতো উলহ-মালহেৰে ৭১ তম স্বাধীনতা দিৱস পালন কৰা হয়। চৰকাৰীভাৱে অঞ্চলটোৰসমূহ প্ৰাথমিক, মজলীয়া ইংৰাজী, উচ্চ মাধ্যমিক আৰু ফলঙনি বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদযাপন কৰাৰ উপৰি বগীজান আৰক্ষী চকী, মুৰফুলনি তিনিআলি, ফলঙনি ডাকঘৰ চাৰিআলি, পোৰাজংঘলতো ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। পুৱা ৬ বজাত ডাকঘৰ চাৰিআলি গাঁঁওৰক্ষী বাহিনীৰ সভাপতি ভূপেন বণিয়া আৰু বগীজান থানা কমিতিৰ সভাপতি থানেশ্বৰ হাজৰিকাই শতাধিক ৰাইজৰ উপস্থিতিত ডাকঘৰ চাৰিআলিতে পতাকা উত্তোলন কৰে। তাৰ পাছত ৯৮ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা মাৰাথন দৌৰ প্ৰতিযোগিতা আৰম্ভ হয়। প্ৰথম স্থান লাভ কৰে বিকাশ ঠেঙাল, দ্বিতীয় ৰঘুনাথ কৰ্মাকাৰ আৰু তৃতীয় স্থান লাভ কৰে চিন্তু বৰাই। আটাইকেইজন প্ৰতিযোগীকে ট্ৰফী, মানপত্র আৰু নগদ ধনৰ পুৰষ্কাৰ আগবঢ়ায়। ইয়াৰ লগতে পোৰাজংঘলৰ জাগৰণ গণমঞ্চৰ প্ৰাংগনত ভাৰতীয় জনতা পাৰ্টিৰ মৰঙি মণ্ডলে ৰাষ্ট্ৰীয় দিৱসটো উদযাপন কৰে। মণ্ডলৰসমূহ বিষয়ববীয়া আৰু যুৱমৰ্চাৰ কৰ্মী তথা স্থানীয় ৰাইজৰ উপস্থিতিত পতাকা উত্তোলন কৰে গাঁওবুঢ়া সুনন্দ শইকীয়া আৰু তেওঁক সহযোগ কৰে যুৱনেতা দীপকৰঞ্জন শইকীয়াই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close