অসম

মেছ কছাৰীক স্বায়ত্ত প্ৰদানৰ দাবী

প্ৰথম খবৰ, শিমলুগুৰি: ৰাজ্যখনৰ অন্যতম খিলঞ্জীয়া তথা ভূমিপুত্ৰ মেছ কছাৰীসকলে দীৰ্ঘদিনৰ পৰা চৰকাৰী সুবিধা লাভৰ পৰা বঞ্চিত হৈ অহাৰ অভিযোগ উত্থাপন হৈ আহিছে। তেনে সময়তে আজি মেছ কছাৰী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক সুবীৰ মেছে এক বিবৃতিযোগে জনায় যে বিবৃতিযোগে মেছ কছাৰীসকলে সৰ্বানন্দ সোণোৱাল নেতৃতাধীন চৰকাৰে শীঘ্ৰে মেছ কছাৰী স্বায়ত্তশাসিত পৰিষদ দিব বুলি আস্থা আৰু বিশ্বাসেৰে আশা কৰিছিল। কিন্তু ক্ৰমান্বয়ে এই আশা নিৰ্বাপিত হব ধৰিছে। এই সমস্যাসমূহ পূৰণ কৰিবলৈ মেছ কছাৰীসকলৰ বাবে শীঘ্ৰে স্বায়ত্ত শাসন প্ৰদান কৰাৰো দাবী জনায়।

বিবৃতিটোত কোৱা হয় যে অনুসূচিত জনজাতিৰ তালিকাত সপ্তম স্থানত থাকিও মেছ কছাৰীসকলে স্বায়ত্ত শাসন লাভ কৰিবলৈ সক্ষম হোৱা নাই। অথচ তালিকাৰ পাছত থকা শ্ৰেণীসমূহৰ অধিকাংশই স্বায়ত্ত শাসন লাভ কৰিছে। এইক্ষেত্ৰত মেছ কছাৰীসকলৰ দীৰ্ঘদিনীয়া সপোন অনুসৰি বিধানসভাৰ আগন্তুক শীতকালীন অধিৱেশনত মেছ কছাৰীসকলক স্বায়ত্ত শাসন প্ৰদানৰ লগতে উচ্চ সদন গঠনৰ দাবী জনায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close