অসম

মেনমেজি বহুমুখী সমবায় সমিটিৰ নিৰ্বাচনৰ পাছতেই এইবাৰ ৰংখাং বহুমুখী সমবায় সমিটিও বিজেপিৰ দখলতঃ ১৫ গৰাকী বিজেপি প্ৰাৰ্থীৰ জয়লাভ

প্ৰথম খবৰ, খেৰণি: পশ্চিম কাৰ্বি আংলং তথা ডংকামোকামৰ ঘেলানীত অৱস্থিত ৰংখাং বহুমুখী সমবায় সমিটিখনক সুচাৰুৰূপে পৰিচালনা কৰাৰ উদ্দেশ্য যোৱা কালি আনুষ্ঠানিকভাৱে সমিটি গঠনৰ নিৰ্বাচন অনুস্থিত হৈ যায়৷

উল্লেখ্য যে এই নিৰ্বাচনৰ ভোট গ্ৰহন আৰু গণনা প্ৰক্ৰিয়াৰ সমাপ্তি কৰোতে নিশা হৈ যায় যদিও এই নিৰ্বাচন শান্তিপূৰ্ণভাৱে পাৰ হৈ যায়৷ ১৫ জনীয়া পদেৰে গঠন কৰিবলগীয়া  পৰিচালনা সমিটি গঠনৰ বাবে অনুস্থিত নিৰ্বাচনত মুঠ ২২ গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদণ্ডিতা আগবঢ়ায় এই নিৰ্বাচনত৷ ইয়াৰে সংৰক্ষিত  অনুসুচীত জাতি আৰু অনুসুচীত জনজাতিৰ পৰা তিনিগৰাকীয়ে প্ৰতিদন্দিতা কৰাৰ লগতে সংৰক্ষিত মহিলাসকলৰ ফালৰ পৰাও তিনিগৰাকীয় প্ৰতিদন্দিতা কৰাৰ বিপৰীতে সাধাৰণ শ্ৰেণীৰ লোকৰ মাজৰ পৰা ১৬ গৰাকীকৈ প্ৰাৰ্থীয়ে এই নিৰ্বাচনত প্ৰতিদন্দিতা আগবঢ়ায়৷

উল্লেখ্য যে নিৰ্বাচনত থিয় দিয়া মুঠ ২২ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১৫ গৰাকীয়েই হৈছে বিজেপি সমৰ্থিত প্ৰাৰ্থী৷ নিৰ্ধাৰিত তাৰিখ, সময় আৰু নিয়মানুযায়ী অনুস্থিত কৰা এই নিৰ্বাচনত ১৫ জনকৈ বিজেপি সমৰ্থিত প্ৰাৰ্থীয়েই জয় লাভ কৰে আৰু আনহাতে এই সমিতি গঠনৰ ক্ষেত্ৰত নিম্ন উল্লেখিত১৫ গৰাকী বিজয়ী প্ৰাৰ্থীৰ দ্বাৰাই পৰিচালনা সমিটি গঠন হ’ব পৰৱৰ্তী সময়ত৷

উক্ত সমবায় সমিটিখনত থকা মুঠ ৪৩৬ গৰাকী অংশীদাৰসকলৰ ভিতৰত মুঠ ৩১৭ গৰাকী ভোটাৰে সমিটি গঠনৰ নিৰ্বাচনত ভোটদান কৰে৷  নিৰ্বাচনত বিজেপি সমৰ্থিত প্ৰাৰ্থী ক্ৰমে বিক্ৰম টেৰনে ২৩৭ টা ভোট লাভ কৰাৰ বিপৰীতে আগষ্টিন ক্ৰামছাই ২৩০টা ভোট, বাবু তিমুঙে ২১৫, মংগল বেয়ে ১৯৯ টা, কাৱন তিমুংপি আৰু জনিছ কাথাৰে ১৯৬ টা, নেৱাৰছং ৰংহাং আৰু হাৰমন বেয়ে ১৯৩ টা, গ্লৰিছ টেৰনপি ১৮৪ টা, ইম ৰংহাং ১৮৩, ছেমুয়েল টেৰন ১৭৯ টা, বিটেন মাৰাক আৰু ৰঞ্জিত বেয়ে ১৭৬ টা, ৰামু বড়োয়ে ১৬২ টা আৰু ৰূপছিং তিমুঙে ১৬০ টা ভোট লাভ কৰি বিজয়ী সাব্যস্ত কৰে৷ আৰু ইয়াৰ পাছতেই বিজয়ী প্ৰাৰ্থীসকলক বিজেপি নেতা তথা পৰিষদীয় পশু বিভাগৰ প্ৰাক্তন অধ্যক্ষ দিত্যলাল হাস্নু, বিজেপি নেতা ক্ৰমে ছেৰলংকি বে, বিমল প্ৰধান আদিকে কৰি বিজেপি অন্যান্য কৰ্মকৰ্তা আৰু মহিলা কৰ্মীয়ে সম্বৰ্ধনা জনায়৷ লগতে মুকলি সভাৰ ভাষনৰ জৰিয়তে বিজেপি নেতা তথা পৰিষদীয় পশু বিভাগৰ প্ৰাক্তন অধ্যক্ষ দিত্যলাল হাস্নুয়ে উক্ত সমবায়খনক চাউল, দালি আৰু কেৰাচিন বিতৰণৰ উপৰিও আন আন বৃত্তিমুলক আৰু উপাৰ্জনমুখী কামো কৰি যাবৰ বাবে পৰামৰ্শ দিয়ে লগতে সমবায়খনৰ উত্তৰাত্তোৰ উন্নতিও কামনা কৰে হাস্নুয়ে৷

Related Articles

Leave a Reply

Close