অসম

মৰিগাঁৱৰ বৰমনিপুৰস্থিত ষষ্ঠদশ অসম আৰক্ষী বাহিনীৰ স্বাধীনতা দিৱস উদযাপন

প্ৰথম খবৰ,জাজৰি: সমগ্র ভাৰতবষর্ৰ লগতে মৰিগাঁৱৰ বৰমণিপুৰস্থিত ষষ্ঠদশ অসম আৰক্ষী বাহিনীৰ পেৰেড গ্রাউণ্ডতো পুৱাৰে পৰা ৭১ তম স্বাধীনতা দিৱস উদযাপন কৰা হয়। বাহিনীৰ অধিনায়ক কল্যান ফুকনে ৰাষ্ট্রীয় পতাকা উত্তোলন কৰে। লগতে কুচ কাৱাজৰ যোগেদি আমন্ত্রিত বিষয়া বগর্ৰ সহযোগত ৰাষ্ট্রীয় পতাকাক সন্মান জনোৱা হয়। তাৰ পিছতেই বিভিন্ন খেল-ধেমালি অনুষ্ঠিত কৰা হয়। আবেলি 2 বজাৰ পৰা এখনি ফুটবল প্রতিযোগিতা অনুষ্ঠিত কৰা হয়। দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা স্বাধীনতা দিৱসটি সন্ধ্যা ৫ বজাত সমাপ্ত কৰা হ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close