অসম

লংকা প্ৰেছ ক্লাবৰ উদ্যোগত স্বাধীনতা দিৱসত প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতা

প্ৰথম খবৰ, লংকা: ৭১ সংখ্যাক স্বাধীনতা দিৱস উপলক্ষে লংকা প্ৰেছ ক্লাবৰ উদ্যোগত অহা ১৫ আগষ্ট স্বাধীনতা দিৱসত অনুষ্ঠিত হ’ব এদিনীয়া প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতা। বিয়লি ২ বজাৰ পৰা লংকা ক্ৰীড়া সন্থাৰ খেল পথাৰত অনুষ্ঠিত হ’ব লগীয়া এই ফুটবল প্ৰতিযোগিতাত লামডিং ইউথ ক্লাব, হোজাই এফ টি চি, লংকা ফুটবল ক্লাব আৰু লংকা একাদ্বশ দলে অংশগ্ৰহণ কৰিব।

এই ফুটবল প্ৰতিযোগিতাৰ বিজয়ী দলক ৫,০০১ টকাৰ বিপৰীতে ৰাণাৰ্চ আপ দলক ৩,০০১ টকা পুৰস্কাৰ আগবঢ়োৱা হ’ব বুলি লংকা প্ৰেছ ক্লাবৰ আয়োজক সমিতিয়ে জানিবলৈ দিছে। উক্ত এদিনীয়া ফুটবল প্ৰতিযোগিতা উপভোগ কৰিবলৈ সমূহ ক্ৰীড়া প্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে আয়েজক সমিতিয়ে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close