অসমশীৰ্ষ

লখিমপুৰৰ মহঘুলিত নকল সোণৰ বেপাৰী আৰু আৰক্ষীৰ সংঘাত

প্ৰথম খবৰ, নিউজ ব্যুৰ’: লখিমপুৰ জিলাখনত দিনক দিনে বৃদ্ধি পাইছে নকল সোণৰ ব্যৱসায়৷ আৰক্ষী প্ৰশাসনে যিমানেই এই ব্যৱসায় ৰোধ কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰক লাগে সকলো যেন অৰ্থহীন হৈ পৰিছে৷ তেনে এক ঘটনাই পুনৰ সংঘটিত হ’ল জিলাখনৰ নাওবেচাৰ মহঘুলিত ৷

বঙালমৰা আৰক্ষীয়ে যোৱা নিশা চলোৱা নিয়মীয়া তালাচীৰ সময়ত AS 07 C 5816 নম্বৰৰ এখন টাটা মেজিকৰ পৰা প্ৰায় ডেৰ কিল’গ্ৰাম ওজনৰ এখন সোনৰ নাওঁ সহ দুজন মণিপুৰী যুৱকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। প্ৰৱঞ্চিত মণিপুৰৰ লেঞ্জালাল ল’বাম (৩২) আৰু চেইলিনলাল ল’বাম(৩০) ভাতৃদ্বয়ৰ স্বীকাৰোক্তিৰ ভিত্তিত নিশাই নকলসোন বিক্ৰী কৰা প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান চলাই বঙালমৰা আৰক্ষীয়ে৷ মেজিকখনৰ চালক ইদ্ৰীছ আলিৰ সহযোগত মাজনিশা আৰক্ষীৰ দল নাওবৈছাৰ মহঘুলিৰ প্ৰৱঞ্চকৰ ঘাটিত উপস্থিত হোৱাৰ সময়তে প্ৰৱঞ্চকৰ দলটিয়ে স্থানীয় একাংশ লোকৰ সহায়ত আৰক্ষীলৈ লক্ষ্য কৰি শিল, ইটা নিক্ষেপ কৰে ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী বিষয়াজন পাঠৰীয়ে শূণ্যলৈ দুই জাই গুলী নিক্ষেপ কৰি কোনো মতে প্ৰাণ লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে। এই ঘটনাত আৰক্ষীৰ লগতে স্থানীয় কেইবাজনো লোক কম বেছি পৰিমানে আঘাতপ্ৰাপ্ত হয়৷

সম্প্ৰতি এই ঘটনাই সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে, ল’বাম ভাতৃদ্বয়ে কিছুদিন পুৰ্বে মহঘুলিৰ প্ৰৱঞ্চকৰ দলটিৰ পৰা চাৰে চাৰি লাখ টকাৰ বিনিময়ত প্ৰায় এক কিল’গ্ৰাম ওজনৰ এখন নকল সোনৰ নাও ক্ৰয় কৰি লৈ গৈছিল। পাছত ভাতৃদ্বয়ে সেইখন নকল বুলি জানিব পাৰি পুনৰ প্ৰৱঞ্চকৰ দলটোৰ লগত যোগাযোগ কৰাত দলটিয়ে ভুলতে নকল সোনৰ নাওখন তেওঁলোকক প্ৰদান কৰা বুলি পতিয়ন নিয়াই পুনৰ প্ৰকৃত সোণৰ নাওখন নিবৰ বাবে মাতি আনে৷ কালি পুনৰ পাঁচ লাখ আশী হেজাৰ টকাৰ বিনিময়ত আন এখন নকল সোনৰ নাও ক্ৰয় কৰি গৃহাভিমুখি হওঁতেই আৰক্ষীৰ জালত পৰে ভাতৃদ্বয়৷

উল্লেখ্য যে, লেঞ্জালাল ল’বাম নামৰ যুৱকজন ভাৰতীয় সেনা জোৱান। ইপিনে ল’বাম ভাতৃদ্বয়ৰ অভিযোগৰ ভিত্তিত বঙালমৰা আৰক্ষীয়ে নকল সোণৰ ব্যৱসায়ত জড়িত প্ৰৱঞ্চক ক্ৰমে মহঘুলিৰ আইনুল ইছলাম, ৰকিবুল ইছলাম, সমিৰ আলি আৰু এগৰাকী মহিলাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখযোগ্য যে, একাংশ আৰক্ষী বিষয়াৰ স্বত্বছাঁয়াতে দীৰ্ঘদিন ধৰি লখিমপুৰ জিলাখনত এটা চক্ৰই জালনোট আৰু নকল সোনৰ এক ৰমৰমীয়া বেহা চলাই আহিছে৷ প্ৰৱঞ্চকৰ দলে সোণ আৰু টকা দিয়াৰ নামতে কৌশলেৰে বহিঃৰাজ্যৰ লোকসকলক ফোনযোগে মাতি আনি প্ৰৱঞ্চনা কৰি আহিছে। আৰক্ষীৰ দুৰ্বলতাৰ বাবেই সম্প্ৰতি নকল সোণৰ ব্যৱসায়ীয়ে আৰক্ষীকো আক্ৰমন কৰিবলৈ সাহস কৰা পৰিস্থিতিৰ সৃষ্টি হৈছে।

Related Articles

Leave a Reply

Close